পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় অ— ৬ষ্ঠ দৃ]
৪১
কাশ্মীৰ কুমাৰী

অনন্ত— কিন্তু সেই ভাৰত ভূমিতে মাতৃহত্যাকাৰী পৰশুৰামেও জন্ম ধাৰণ কৰিছিলে যুবৰাজ।

অনঙ্গ- [ খং উঠি } পৰশুৰামে মাতৃহত্যা কৰিাছিলে জন্মগুৰু পিতৃৰ আদেশত, পৰশুৰামে একবিংশতিবাৰ ধৰা নিক্ষেত্ৰিয় . কৰিছিলে নিজ শক্তিৰ প্ৰভাৱত। কিন্তু আপুনি কোন মহাগুৰুৰ আদেশত শত্ৰুৰ পদসেৱা কৰি, আজি আপোনাৰ জননী কাশ্মীৰক ধূলিস্যাৎ কৰিবলৈ আহিছে যুবক?

অনন্ত- বিবেকৰ আদেশত।

অনঙ্গ- বিবেকৰ আদেশত? মুৰ্খ, প্ৰতিহিংসাক বিবেক নোবোলে, নৃসংশতাক বিবেক নাবোলে, হৃদয় হীনতাক বিবেক নোবোলে।

অনন্ত- তেন্তে বিবেক কি?

অনঙ্গ- বিবেক? যি অদৃশ্য শক্তিয়ে নৰক কুণ্ডৰ পৰা মানুহক স্বৰ্গৰাজ্যলৈ লৈ যায়, যি অলৌকিক আলোকত পাপ পুণ্যৰ পাৰ্থক্য দেখা পায়, অন্তঃসলিলাত যি অন্তৰৰ আবৰ্জ্জনা ধুই মানুহ পবিত্ৰ হয়—সেয়ে বিবেক।

দ্বিতীয় অঙ্ক শেষ।