এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২য় অ৬ষ্ঠ দৃ] কাশ্মীৰ কুমাৰী। অনন্ত— কিন্তু সেই ভাৰত ভূমিতে মাতৃহত্যাকাৰী পৰশুৰামেও জন্ম ধাৰণ কৰিছিলে যুবৰাজ। অনঙ্গ- [ খং উঠি } পৰশুৰামে মাতৃহত্যা কৰিাহুলে জন্মগুৰু পিতৃৰ আদেশত, পৰশুৰামে একবিংশতিবাৰ ধৰা নিক্ষেত্ৰিয় . কৰিছিলে নিজ শক্তিৰ প্ৰভাৱত। কিন্তু আপুনি কোন মহাগুৰুৰ আদেশত শত্ৰুৰ পদসেৱা কৰি, আজি আপোনাৰ জননী কাশ্মীৰক ধূলিস্যাৎ কৰিবলৈ আহিছে যুবক? অনন্ত- বিবেকৰ আদেশত। অনঙ্গ বিবেকৰ আদেশত? মুখ, প্ৰতিহিংসা বিবেক নেবোলে, নৃসংশতাক বিবেক নাবোলে, হৃদয় হীনতাক বিবেক নোবোলে। অনন্ত তেন্তে বিবেক কি? অনঙ্গ- বিবেক? যি অদৃশ্য শক্তিয়ে নৰক কুণ্ডৰ পৰা মানুহক স্বৰ্গৰাজ্যলৈ লৈ যায়, যি অলে’কিক আলোকত পাপ পুণ্যৰ পাৰ্থক্য দেখা পায়, অন্তঃসলিলাত যি অল্পৰৰ আবৰ্জনা ধুই মানুহ পবিত্ৰ হয়—সেয়ে বিবেক। দ্বিতীয় অঙ্ক (শষ।