অনন্ত- জনাবলৈ আহিছোঁ আৰু আপোনাৰ লগত যোগ দি বিজয়সিংহৰ ওপৰত
প্ৰতিশোধ-নহয় নহয়, আপোনাক সহায় কৰিবলৈ আহিছোঁ।
অনঙ্গ-তাৰ মানে কাশ্মীৰৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ আহিছে?
অনন্ত- হয়।
অনঙ্গ- মন্ত্ৰীপুত্ৰ, আপুনি যে বিশ্বাসযোগ্য, তাক মই কেনেকৈ বিশ্বাস কৰিম?
অনন্ত- মন্ত্ৰীপুত্ৰ মিথ্যাবাদী নহয় যুবৰাজ।
অনঙ্গ- হ’ব পাৰে মন্ত্ৰীপুত্ৰৰ প্ৰত্যেক কথাই সত্য, হ’ব পাৰে কাশ্মীৰৰ অধিপতি
অত্যাচাৰী; কিন্তু, যি যুবকে শত্ৰুৰ লগত যোগ দি “স্বৰ্গাদপি গৰীয়সী”
জন্মভূমিৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব খোজে, সেই যুবকক বিশ্বাস কৰা মোৰ
ৰীতি নহয়।
অনন্ত- যুবৰাজ, মই একো অসৎ অভিপ্ৰায় লৈ অহা নাই। যুদ্ধ জয়ত সহায়
কৰিবলৈহে আপোনাৰ কাষ চাপিছোহি। মোক বন্ধু বুলি ভাবক যুবৰাজ।
অনঙ্গ- তাহানিৰ ভাৰতভূমিত যুধিষ্ঠিৰে জন্মধাৰণ কৰা যদি সচা হয়, দধীচিৰ জন্ম
বিবৃত্তি যদি কবিৰ কল্পনা নহয়,পুণ্যশ্লোক হৰিশ্চন্দ্ৰ, সত্যাশ্ৰয়ী ৰামচন্দ্ৰ
ভাৰত মাতাৰ পুত্ৰ বুলি যদি পুৰাণ ৰামায়ণে কয়, আজিৰ এই
ভাৰতবৰ্ষতো এনে কোনো সংকীৰ্ণ-মনা লোক নোলাব, যি আপোনাৰ
নিচিনা মাতৃদ্ৰোহী মহাপাপীক বন্ধু বুলি আলিঙ্গন কৰিব।