পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
[ ২য় অ ৬ষ্ঠ দৃ
কাশ্মীৰ কুমাৰী

 অনঙ্গ- কাশ্মীৰৰ শ্যামল আচলত, মধুমতী মাধবীলতাৰ লাস্য,কমনীয় কুসুমৰ

 মাধুৰ্য্য, নিজৰাৰ নিৰব নৃত্য। কাশ্মীৰৰ কণ্ঠত, মোহিনী বীণাৰ ধ্বনি,

 কেতেকীৰ মধুৰ স্বৰ, কুলিৰ কোমল কাকলি। কাশ্মীৰৰ মুখত, বিশ্বৰ

 অৰূপ ৰূপ,শেৱালিৰ সৰল হাঁহি, মালতীৰ অমিয়া মাধুৰী। কাশ্মীৰৰ

 কৱৰীত, অৰুণৰ উজ্জ্বল আভা, সুধাংশুৰ অমল প্ৰভা,তাৰকাৰ বিমল

 কান্তি। [ চাই আত্মহাৰা হয়।]

[ প্ৰহৰীৰ প্ৰবেশ ]

প্ৰহৰী- এজন সম্ভ্ৰান্ত কাশ্মীৰ যুৱকে যুবৰাজক দেখা কৰিব খোজে। [ অনঙ্গ

 নিমাত ]

সূৰ্য্য - [ৰৈ, অনঙ্গই নমতা দেখি ] যুবৰাজ।

অনঙ্গ- [ তন্ময় ভাবতে ] অ’, কি সেনাপতি?

প্ৰহৰী- এজন সম্ভ্ৰান্ত কাশ্মীৰী যুৱকে যুবৰাজক দেখা কৰিবলৈ অনুমতি বিচাৰিছে।

অনঙ্গ- কাশ্মীৰী! সম্ভ্ৰান্ত! [ ৰৈ ] সেনাপতি, সসম্মানে লৈ আহাঁ। [প্ৰহৰী আৰু

 সূৰ্য্যসিংহৰ প্ৰস্থান। অনঙ্গই আকাশৰ ফালে চাই ] দূৰত সৌ তুষাৰ মণ্ডিত

 হিম্ৰাদী শিখৰত অস্তগামী অৰুণৰ শেষ হেমাঞ্জলী। সুন্দৰ। [ সূৰ্য্যসিংহ

 আৰু অনন্তৰ প্ৰবেশ। অনন্তৰ ভৰিৰ পৰা মুৰলৈকে চাই। আপুনি

 কাশ্মীৰী?

অনন্ত- হয় যুবৰাজ!

অনঙ্গ- কাশ্মীৰতে আপোনাৰ জন্ম?