পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



কাশ্মীৰ কুমাৰী [ ২য় অ~~-৬ষ্ঠ দৃ অনঙ্গ কাশ্মীৰৰ শ্যামল আচলত, মধুমতী মাধবীলতাৰ লাস্য, কমনীয় কুসুমৰ মাধুৰ্য, নিজৰাৰ নিৰব নৃত্য। কাশ্মীৰৰ কণ্ঠত, মোহিনী বীণাৰ ধ্বনি, কেতেকীৰ মধুৰ স্বৰ, কুলিৰ কোমল কাকলি। কাশ্মীৰৰ মুখত, বিশ্বৰ অৰূপ ৰূপ, শেৱালিৰ সৰল হাঁহি, মালতীৰ অমিয়া মাধুৰী। কাশ্মীৰৰ কৱৰীত, অৰুণৰ উজ্জ্বল আভা, সুধাংশুৰ মল প্ৰভা, তাৰকাৰ বিমল কান্তি। [ চাই আত্মহাৰা হয়। [ প্ৰহৰীৰ প্ৰবেশ [ প্ৰহৰী এজন সম্ভ্ৰান্ত কাশ্মীৰ যুৱকে যুবক দেখা কৰিব | খোজে। [ অনঙ্গ নিমাত ] - সূৰ্য্য - [ৰৈ, অনঙ্গই নমতা দেখি ] যুবৰাজ। অঙ্গ- [ তন্ময় ভাবতে ] অ’, কি সেনাপতি? প্ৰহৰী এজন সম্ভান্ত কাশ্মীৰী যুৱকে খুবৰাজক দেখা | কৰিবলৈ অনুমতি বিচাৰিছে। অনঙ্গ কাশ্মীৰী! সম্ৰান্ত! ( ৰৈ ] সেনাপতি, সসম্মানে লৈ আহঁ। প্ৰহৰী আৰু সূৰ্য্যসিংহৰ প্ৰস্থান। অনঙ্গই আকাশ ফালে চাই ] দূৰত সৌ তুষাৰ মণ্ডিত হিম্ৰাদী শিখৰত আগামী অৰুণৰ শেষ হেমাঞ্জলী। সুন্দৰ। [ সূৰ্যসিংহ আৰু অনৰ প্ৰবেশ। অনন্তৰ ভৰিৰ পৰা মুৰলৈকে চাই। আপুনি কাশ্মীৰী? অনন্ত হয় যুবৰক্তি। অনঙ্গ কাশ্মীৰতে আপোনাৰ জন্ম?