পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৪৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



২য় অ৬ষ্ঠ দৃ। কাশ্মীৰ কুমাৰী ৩১ অনন্ত হয়। অন-কাশ্মৰেই আপোনাৰ জন্মভূমি? অনন্ত কাশ্মীৰেই মোৰ জন্মভূমি। অঙ্গ-- আপনি সৌভাগ্যবান! কওক যুবক, জন্মভূমিৰ শত্ৰুৰ কাষলৈ কি উদ্দেশ্য লৈ আহিছে। অনন্ত- [ কি ক’ব একো ঠিক কৰিব নোৱাৰি। মই, মই কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ যুবৰাজ। অন-- বিদেশ, বিশেষতঃ শত্ৰু ৰাজ্যত আপোনাক যথাযোগ্য | অভ্যৰ্থনা কৰিব নোৱাৰাৰ বাবে ক্ৰটী মাৰ্জনা কৰিব মস্ত্ৰীপুত্ৰ। অনন্ত—সেইবিষয়ে যুবৰাজে আক্ষেপ কৰিব লগীয়া একো নাই। অনঙ্গ- সন্তোষ পালো। এতিয়া আপোনাৰ অভিপ্ৰায়। জানিবলৈ দি আশাকৰে। আপ্যায়িত কৰিব। অনন্ত— স্বগতঃ ] মোৰ উদ্দেশ্য সিদ্ধি হ’ব যেন লাগিছে। [ প্ৰকাশ্যে ] যুবৰাজ, কাশ্মীৰৰ মহাবাজ বিজয়সিংহ আৰু সেনাপতি প্ৰতাপসিংহৰ অত্যাচাৰত কাশ্মীববাসী জৰ্জৰিত। মুজে কাশীৰ অধিকাৰ কৰিবলৈ অহা শুনি প্ৰজাবৃন্দই অতিশয় আনন্দ পাইছে! আৰু অতি শীঘ্ৰে কাশ্মীৰ জয় কৰ ৰাজ্যত শান্তি স্থাপন কৰিব বুলি একান্ত কামনা কৰিছে। সূৰ্য্য— অতি সুখৰ বাতৰি যুবৰাজ। অনঙ্গ-[ ভাবি ভাবি খোজ চলাই ] তেন্তে আপুনি প্ৰজাৰ প্ৰতিনিধি স্বৰূপে এই কথা মোক জনাবলৈ আহিছে?