৬ষ্ঠ দৃশ্য—কামৰূপী সৈন্যৰ শিবিৰৰ সমীপ।
(এফালৰ পৰা অনঙ্গ আৰু আনফালৰ পৰা সূৰ্য্যসিংহৰ প্ৰবেশ)
সূৰ্য্য—গুপ্তচৰৰ সংবাদ সত্য যুবৰাজ; ইয়াৰ পৰা ডেৰক্ৰোশ দূৰত বিতস্তা নদীৰ
সিপাৰে শত্ৰু সৈন্য অপেক্ষা কৰিছে।
অনঙ্গ- [ভাবি ] ডেৰ ক্ৰোশ? বিতস্তা নদীৰ সিপাৰে? কাশ্মীৰত আকৌ বিতস্তা
নদী ক'ৰ পৰা ওলাল সেনাপতি।
সূৰ্য্য— বিতস্তাৰ আদি ভাগ কাশ্মীৰৰ মাজেদি গৈ চন্দ্ৰভাগাত পৰিছে যুবৰাজ।
অনঙ্গ— বুজিলোঁ। তেন্তে শিবিৰ তুলি নিবৰ আৰু আৱশ্যক নকৰে। ইয়াৰ পৰাই
আমি আক্ৰমণ কৰিম।
সুৰ্য্য- ময়ো তাকে ভাবিছিলোঁ।
অনঙ্গ- [ ৰৈ ] সেনাপতি, কাশ্মীৰ এখন মনোৰম ৰাজ্য। ইয়াৰ সীমাত ভৰি দিয়াৰ
লগে লগে এটা অৱৰ্ণনীয় আনন্দই মোক আকুল কৰি তুলিছে। [ অনঙ্গই
একান্ত ভাবে দূৰলৈ চাই থাকে -দূৰৰ দৃশ্যলৈ ]
সূৰ্য্য-- সঁচা যুবৰাজ, কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মনোৰম। [ অলপ ৰৈ ]
একেৰাহে কি চাইছে যুবৰাজ?
অনঙ্গ- [ মুখ নুঘূৰাই ] কাশ্মীৰক! [ তন্ময় হৈ নিজে নিজে ] কাশ্মীৰ ভাৰতৰ
মুকুত মণি, সৌন্দৰ্য্যৰ ৰাণী সেনাপতি।
সূৰ্য্য— যুবৰাজ?