এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
[২য় অ—৫ম দৃ
কাশ্মীৰ কুমাৰী
বিমলা- তেনে তুমিও উচুপি উচুপি কান্দি থাকা। গাভৰুছোৱালী, কেনে ৰাংঢালী
হ’ব লাগিছিল। [ হাঁহি ] তোমাৰ কিবা বেমাৰ হৈছেনেকি সখী?
কমলা-[ দুখেৰে ] বেমাৰ পৰি মৰা হলে ভালেই আছিল।
বিমলা— ভাল আপদখনে পালে। সখী, তুমি থাকা মই যাওঁ। [ বহাৰ পৰা যাবলৈ
উঠে ]
কমলা- কলৈনো যোৱা, বহাঁচোন৷
বিমলা— তোমাৰ এই ইননি বিননিখন শুনিবলৈ মই অহা নাই ইয়ালৈ।
নেপথ্যত- কমলা, অ’ কমলা।
কমলা— [ ভিতৰ ফালে চাই ] গৈছো আই। [বিমলাক ] সখী, তুমি অলপ বহাঁ
মই আহিছোঁ৷
বিমলা- বহিবৰ মন নাছিল। বাৰু, মই বহিছো তুমি কিন্তু সোনকালে আহিবা।
কমলা- বাৰু। [ প্ৰস্থান ]
[ বিমলাই শয্যাতে বহি আগৰ গীতটোৰ শেষ কলিটো আকৌ গায়। ]
——০——