বিমলা— দেখিবাতোন। তুমি যেতিয়া সপোন দেখি থাকা,তেতিয়া চাগৈ তোমাৰ বৰ
ভাল লাগে, নহয়নে?
কমলা-- কেতিয়াবা ভাল লাগে, পিচে কেতিয়াবা খঙো উঠে।
বিমলা-অভিমান আৰু বিৰহ নহলে মিলনে পক নিদিয়ে। ভাল কৰা, মাজে মাজে
এছাটি দুছাটি খং ছটিয়াই থাকিবাঁ।
কমলা- জানো তুমি কিখন গাইছা।
বিমলা—মই ভালকে গাইছো। পিচে বুজিছা সখী, মোৰ কথা যদি শুনা, দিঠকতে
আটায়ে দেখাকৈ কিবা এটা সোনকালে কৰি পেলোৱা। ছাঁ চাই কিমান
আৰু এনেকৈ হুমুনীয়া কাঢ়ি থাকিবা।
কমলা-- তোমাৰ কথা মই এতিয়াহে ধৰিব পাৰিছোঁ।. তুমি বৰ দুষ্ট!
বিমলা- সঙ্গ দোষ সখী।
কমলা- [হুমুনীয়া কাঢ়ি বেজাৰেৰে ] দেখিছাই নহয় মোৰ কাৰণে কি হ’ব
খুজিছে। আকৌ সেইবিলাক কথা কৈ মোক কেলৈ বেজাৰ দিয়া সখী।
বিমলা- তোমাৰ কাৰণেনো কিখন হৈছেহে! অ' ৰণ লাগিব খুজিছে? বৰ কথাটো
হ'ল। কামৰূপীৰ তেজৰ পিৰপিৰণি উঠিছে যেতিয়া ৰণ কৰিবই। সেইবুলি
আমি দুষাৰ এষাৰ সুখ-দুখৰ কথাও পাতিব নেপায় নে? তুমিও আৰু!
কমলা– তুমি দিনে দিনে নজনা হৈ হে আহিছা। চোৱাচোন মোৰ কাৰণেই আইৰ
কিমান চিন্তা, দাদাৰ কিমান দুখ!