পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


৪ৰ্থ দৃশ্য—কাশ্মীৰ প্ৰাসাদৰ বুলানি


(গীত গাই গাই বিমলাৰ প্ৰবেশ)


—গীত—


সৰিছে শেৱালি তল ভৰি ভৰি
আজি শৰতৰে পুৱা,
ঘুমটিৰে ৰাগী থোৱাঁ কাতি কৰি
চোৱাঁ চকু মেলি চোৱাঁ৷
মনতে আলচি থোৱা কথাকিটি
ফুটিব নিদিয়ে লাজে আগেভেটি
সপোনৰ দেশত সেয়েহে বিৰলে।
চেনেহী সখাকে কোৱা।
সপোনতে পোৱা প্ৰিয় পৰশতে
ফুটাব নেলাগে হাঁহিটি ওঁঠতে
নিজকে বিলোৱা শেৱালি চপাই
তাৰে মালা গাঁথি লোৱাঁ
ঘুমটি সুথতে নৰ’বা সুৱাগী
সখীয়া আহিছে চোৱাঁ৷

[ গীত গাই গাই প্ৰস্থান ]



——:(০০০):——