পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



ঘৰত জুই দিবলৈ, নিজ জননীক পৰৰ দাসী কৰিবলৈ নিষ্কলঙ্ক কাশ্মীৰক নৰকত ডুবাবলৈ, হাবি বন, ভাঙি উন্মাদৰ দৰে কাশ্মীৰৰ পৰা লৰি আহিছ। আৰু তোৰ | পৈশাচিক পাপ প্ৰবৃত্তিৰ ইন্ধন যোগাৰ লগে মই? অনন্ত-অ, তুমি মোক ভুল বুজিলা। শুনাছোন, বীৰেন্দ্ৰ—কোনো কথা নুশুনো দূৰ হ পাষণ্ড। অনন্ত- [ খঙেৰে ] কি! পাষণ্ড মই হলো! দূৰ হব লাগে। | [ ৰৈ ] বেচ যাওঁ। কিন্তু, যোৱাৰ আগতে নিৰ্বাসিত, নিলজ্জ তোকে সতৰ্ক কৰি যাওঁ। আজি যি কালান্তক ফেটি শাপৰ ফণাত উঠি নৃত্য কৰিলি; সেই মহাকালৰ কাৰণে তোৰ ব্ৰহ্মতালু পৰিষ্কাৰ কৰি ৰখ। [ প্ৰস্থান ]। [ অনন্ত যোৱা ফালে বীৰেন্দ্ৰই তীক্ষ দৃষ্টিৰে চাই থাকে।