বীৰেন্দ্ৰ— মহাৰাজ।
বিজয়- কাশীৰৰ দায়িত্বপূৰ্ণ ৰাজকৰ্ম্মচাৰী হৈ বিবেক বৰ্জ্জন কৰি, এটা জলন্ত
অসত্যৰ আশ্ৰয় লৈ কাশ্মীৰত অশান্তিৰ সৃষ্টি কৰাৰ প্ৰচেষ্টাত, তোমাক
মোৰ ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিলোঁ। [ প্ৰতাপক ] সেনাপতি, ৰাজভক্ত
সৈন্যাধ্যক্ষক কাশ্মীৰৰ সীমান্তত এৰি আহিবলৈ অশ্বাৰোহীক আদেশ কৰাঁ।
[ প্ৰতাপে মূৰ দোৱায়। পাচত বীৰেন্দ্ৰৰ ওচৰলৈ গৈ তেওঁৰ কাষত থিয় হয় আৰু
বীৰেন্দ্ৰই তেওঁক অনুসৰণ কৰে।
দুইৰো প্ৰস্থান। বিজয়ে বীৰেন্দ্ৰৰ ফালে অলপ পৰ চাই ঘূৰি মন্ত্ৰীক কয় ]
মন্ত্ৰীবৰ, অনন্তৰ বিচাৰৰ ভাৰ আপোনাৰ হাতত দিলোঁ।
[ প্ৰস্থানদ্যোত ]
মন্ত্ৰী- [ কঁপা মাতেৰে ] মহাৰাজ, পিতাই কৰিব পুত্ৰৰ বিচাৰ।
বিজয়— অন্নদাতাতকৈ জন্মদাতাৰ বিচাৰত বেচি অধিকাৰ।
[ বিজয়ৰ প্ৰস্থান ]
মন্ত্ৰী- [ অলপ ৰৈ। বন্দী, তুমি ৰাজদ্ৰোহত অভিযুক্ত। কাশ্মীৰৰ শাসনতন্ত্ৰ মতে
ৰাজদ্ৰোহীৰ শাস্তি প্ৰাণদণ্ড। যদি পাৰা নিৰ্দোষী বুলি প্ৰমাণ কৰাঁ।
অনন্ত- বিচাৰপতি, মই সম্পূৰ্ণ দোষী।
মন্ত্ৰী- তে-ন্তে-
অনন্ত- মোৰ প্ৰাণদণ্ডৰ আদেশ দিয়ক।