পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
[১ম অ ৫ম দৃ
কাশ্মীৰ কুমাৰী


মন্ত্ৰী- তাৰ আগতে তোমাৰ অসৎ আচৰণৰ উদ্দেশ্য জনা আৱশ্যক।

  [ প্ৰতাপৰ পুনঃ প্ৰবেশ ]

অনন্ত – মোৰ উদ্দেশ্য ব্যক্ত কৰিবলৈ মই বাধ্য নহওঁ।

মন্ত্ৰী- বন্দী, মনত ৰাখিবা ই বিচাৰ সভা, উদ্ভণ্ডালিৰ স্থান নহয়।

অনন্ত-মোৰ স্মৰণ আছে বিচাৰপতি।

মন্ত্ৰী-তেন্তে উদ্দেশ্য ব্যক্ত কৰা।

অনন্ত — বিচাৰপতি, ইচ্ছা কৰিলে দোষীক কাৰাগাৰত ৰাখিব পাৰে, অঙ্গচ্ছেদ

 কৰিব পাৰে, প্ৰাণদণ্ড দিব পাৰে, কিন্তু দোষীৰ স্বাধীন মনৰ ওপৰত প্ৰভুত্ব

 বিস্তাৰ কৰিবলৈ কাশ্মীৰ শাসন তন্ত্ৰৰ কিম্বা বিচাৰপতিৰ কোনো অধিকাৰ

 নাই।

মন্ত্ৰী— [ খঙেৰে ] উত্তম। সেনাপতি, বন্দীক বধ্যভূমিলৈ নিয়াওক। ঘাটকক ক’ব,

 ৰাজদ্ৰোহীৰ ছিন্ন শিৰৰ কাৰণে মই ইয়াত অপেক্ষা কৰিছোঁ।

   [বিজয়সিংহৰ প্ৰবেশ ]

বিজয়— পুত্ৰৰ ছিন্ন শিৰৰ কাৰণে পিতা ইমান উত্ৰাৱল?

মন্ত্ৰী — [ ভগ্নস্বৰে ] পিতা উত্ৰাৱল নহয় মহাৰাজ। আজি কাশ্মীৰৰ বিচাৰ সভাত

 পিতা-পুত্ৰৰ সম্বন্ধও নাই।

বিজয়— বিচাৰ সভাত পিতা-পুত্ৰৰ সম্বন্ধ নেথাকিব পাৰে বিচাৰপতি, কিন্তু বিশ্বত,

 সৃষ্টি কৰ্ত্তাৰ স্বাধীন ৰাজ্যত, এই বন্দী আপোনাৰ পুত্ৰ আৰু আপুনিয়েই

 তেওঁৰ পিতা জন্মদাতা।