পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ কাশ্মৰ কুমাৰ ১ম অ৫ম দৃ [ প্ৰতাপৰ পাচে পাচে সৈনীকে বন্দী বীৰেন্দ্ৰ আৰু অনন্তক লৈ আছে ] বিজয়- [ বন্দীৰ ফালে এবাৰ চাই গম্ভীৰ হৈ ] সেনাপতি কি অপৰাধত মোৰ সৈন্যাধ্যক্ষ আৰু মন্ত্ৰীৰ জ্যেষ্ঠ পুত্ৰ শৃঙ্খলাবদ্ধ? প্ৰতাপ - মহাৰাজ, মন্ত্ৰীপুত্ৰৰ প্ৰৰোচনাত, বীৰেন্দ্ৰসিংহই কাশ্মৰাধিপতিক বন্দী কৰিব খুজিছিল। সেই ৰাজদ্ৰোহ অপৰাধত মন্ত্ৰীপুত্ৰ আৰু সৈন্যাধ্যক্ষ শৃঙ্খলাবদ্ধ। বিজয় বীৰেন্দ্ৰসিংহ, এই অভিযোগ সত্য? বীৰেন্দ্ৰ- সত্য মহাবাজ। বিজয় কাশ্মীৰাধিপতিক বন্দী কৰাৰ অভিপ্ৰায়? বীৰেন্দ্ৰ অভিপ্ৰায়, আত্মৰক্ষা কৰা। বিজয়— কাশ্মীৰৰ মহাৰাজে তোমাক কি এনে দণ্ডেবে দণ্ডিত কৰিব খুজিছিল বীৰেন্দ্ৰসিংহ, যাৰ কাৰণে কাশ্মীৰাধিপতি বন্দী কৰাৰ বাহিৰে আৰু তোমাৰ আত্মৰক্ষাৰ অন্য উপায় নাছিল? বীৰেন্দ্ৰ প্ৰাণদণ্ডেৰে। বিজয়- প্ৰাণদণ্ডেৰে! অৰ্থাৎ? বীৰেন্দ্ৰ - অৰ্থাৎ, আগন্তুক যুদ্ধত পোৰ লক্ষ প্ৰৱল প্ৰতাপী, কামৰূপী সৈন্যৰ লগত বীৰেন্দ্ৰসিংহক যুদ্ধ কৰিবলৈ আদেশ দি, তাৰ মৃত্যু কামনা কৰাই মহাৰাজৰ উদ্দেশ্য আছিল। বিজয়-[ ক্ষন্তেক বৈ, সৈন'কক ] মুক্ত কৰ। [ সৈনীকে বীৰেন্দ্ৰক মুক্ত কৰি দিয়ে ] বীৰেন্দ্ৰসিংহ।