ম অ—৫ম দৃ] কাশ্মীব কুমাৰী। বে— মহাৰাজ। বজয়- কাশীৰৰ দায়িত্বপূৰ্ণ ৰাজকৰ্মচাৰী হৈ বিবেক বৰ্জন কৰি, এটা জলন্ত অসত্যৰ আশ্ৰয় লৈ কাশ্মীৰত অশান্তিৰ সৃষ্টি কৰাৰ প্ৰচেষ্টাত, তোমাক মোৰ ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰি॥ [ প্ৰতাপক ] সেনাপতি, ৰাজভক্ত সৈন্যাধ্যক্ষক কাশ্মীৰৰ সীমান্তত এৰি আহিবলৈ অশ্বাৰোহীক আদেশ কৰ॥ [ প্ৰতাপে মূৰ দোৱায়। পাচত বীৰেন্দ্ৰৰ ওচৰলৈ গৈ তেওঁৰ কাষত থিয় হয় আৰু বীৰেই তেওঁক অনুসৰণ কৰে। দুইৰো প্ৰস্থান। বিজয়ে বীৰেন্দ্ৰৰ ফালে অলপ পৰ চাই ঘূৰি মন্ত্ৰীক কয় ] মন্ত্ৰীব, অনন্তৰ বিচাৰৰ ভাৰ আপোনাৰ হাতত দিলে। | [ প্ৰস্থানদ্যোত ] মন্ত্ৰী- [ কঁপা মাতেবে ] মহাৰাজ, পিতাই কৰিব পুত্ৰৱ বিচাৰ। বজয়— অনুদাতাতকৈ জন্মদাতাৰ বিচাৰত বেচি অধিকাৰ। [ বিজয়ৰ প্ৰস্থান ] স্ত্ৰী-- [ অলপ ৰৈ। বন্দী, তুমি বাজদ্ৰোহত অভিযুক্ত। কাশ্মীৰৰ শাসনতন্ত্ৰ মতে ৰাজদ্ৰোহীৰ শাস্তি প্ৰাণদণ্ড। যদি পাৰা নিৰ্দোষী বুলি প্ৰমাণ কৰ॥ মন- বিচাৰপতি, মই সম্পূৰ্ণ দোষী। স্ত্ৰিী-- তেন্তে মনন্ত- মোৰ প্ৰাণদণ্ডৰ আদেশ দিয়ক।