পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম অ - ৪ৰ্থ দৃ]
১৫
কাশ্মীৰ কুমাৰী


 যি শক্তিয়ে বীৰেন্দ্ৰসিংহক মৃত্যুদণ্ড দিব পাৰে। মই এই মূহুৰ্ততে মোৰ

 সেনা লৈ বিজয়সিংহক বন্দী কৰিম।

 [ প্ৰস্থানোদ্যত। তিনটা সৈন্য লৈ প্ৰতাপসিংহৰ প্ৰবেশ।]

প্ৰতাপ—সেই শুভ মূহুৰ্ত্তৰ আগতে প্ৰতাপসিংহই বীৰেন্দ্ৰ সিংহক বন্দী কৰিব। [

 সৈন্যক ] বন্দী কৰ! [ সৈন্যই বীৰেন্দ্ৰক বন্দী কৰে।-অনন্তক ] আৰু

 তুমি কাশ্মীৰৰ প্ৰজা হৈ, ৰাজশক্তিৰ বিৰুদ্ধে সৈন্যাধ্যক্ষক উত্তেজিত

 কৰিছা। [ সৈন্যক] বন্দী কৰ। [ এটা সৈন্য আগবাঢ়ে ]

অনন্ত— [সৈন্যক] সাৱধান! [ সৈন্য থমকি ৰয় ] প্ৰতাপসিংহ মই ৰাজভৃত্য নহওঁ।

 মই মন্ত্ৰীৰ জেষ্ঠ পুত্ৰ, কাশ্মীৰৰ স্বাধীন যুবক। তোমাৰ সৈন্যই মোক বন্দী

 কৰিব নোৱাৰে।

প্ৰতাপ—তোমাৰ নিচিনা শত সহস্ৰ বিদ্ৰোহী মন্ত্ৰীপুত্ৰক প্ৰতাপসিংহৰ সৈন্যই বন্দী

 কৰিব পাৰে। [ খঙেৰে ] বন্দী কৰ। [ দুটা সৈন্যই অনন্তক বন্দী কৰে;

 গম্ভীৰস্বৰে ] অনন্ত আৰু বীৰেন্দ্ৰসিংহ, তোমালোকে জনা উচিত কাশ্মীৰ

 অৰাজক নহয়; মহাৰাজ বিজয়সিংহৰ ন্যায়-দণ্ডৰ তলত কাশ্মীৰ 'ৰাজ্য

 সু-প্ৰতিষ্ঠিত।

 [ সৈন্যক ইঙ্গিত দি প্ৰস্থান। সৈন্যই অনন্ত আৰু বীৰেন্দ্ৰসিংহক লৈ প্ৰস্থান

 কৰে ]