পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



১৪ - কাশ্মীৰ কুমাৰী “ ১ম অ—৪থ? অনন্ত-চলুৱে চলুৱে বুকৰ তেজ দি গঢ়া সৈন্যবাহিনী নিৰ্মল আৰু তাৰ লগে লগে তোমাৰ নিধনেই তেওঁলোকৰ উদ্দেশ্য। বীৰেন্দ্ৰ--আপুনি কৈছে কি? অনন্ত-মুখ! তোমাৰ এক ইঙ্গিতত ছাৰে ছয় লক্ষ কাশ্মীৰী সৈন্যই প্ৰয়োজন হ'লে, ৰজা আৰু প্ৰধান সেনাপতিৰ বিৰুদ্ধে থিয় হ'ব বুলি তেওঁলোকে জানে। সেই কাৰণেই তোমাৰ শক্তি হ্ৰাস কৰিবলৈ আৰু পাৰিলে তোমাকে চিৰ-বিদায় দিবলৈ এই যুদ্ধৰ আয়োজন। বীৰেন্দ্ৰ, প্ৰাগজ্যোতিষৰ। পোন্ধৰ লক্ষ প্ৰতাপী সৈন্যৰ লগত প্ৰতাপসিংহই নিজে যুদ্ধ কৰি প্ৰাণ নিদিয়ে। দিব লাগিব সহকাৰী সেনাপতিয়ে অৰ্থাৎ তুমি, অৰু তোমাৰ ছাৰে ছয় লক্ষ কাশ্মীৰী ভায়ে। বীৰেন্দ্ৰ মই ইয়াৰ প্ৰতিবাদ কৰিম। অনন্ত কিহৰ প্ৰতিবাদ কৰিবা! তুমি আজ্ঞাবাহী ভৃত্য | প্ৰভুৰ আদেশ শিৰোধাৰ্য কৰাই তোমাৰ ধৰ্ম্ম। বীৰেন্দ্ৰমই আদেশ পালন নকৰোঁ। বিদ্ৰোহ কৰিম! অনন্ত-বীৰেন্দ্ৰসিংহ, তোমাৰ হৃদয়ত সিমান সাহ থকা হ'লে | তুমি আজি সহকাৰী সৈন্যাধ্যক্ষ হৈ অকালতে মৃত্যুদণ্ড | ভোগ কৰিব নেলাগিলেহেতেন। বীৰেন্দ্ৰ-মৃত্যুদণ্ড! অনন্ত-হয়, মৃত্যুদণ্ড! প্ৰাগজ্যোতিষৰ লগত কাশ্মীৰৰ যুদ্ধ। মানে, তোমাৰ মৃত্যুদণ্ড। বীৰেন্দ্ৰ -[ অধৈৰ্য হৈ ] কাশ্মীৰত এনে কোনো শক্তি নাই,