১ম ৪ৰ্থ দৃ। কাশ্মীৰ কুমাৰী ১৫ যি শক্তিয়ে বীৰেন্দ্ৰসিংহক মৃত্যুদণ্ড দিব পাৰে। মই এই মূহুৰ্ততে মোৰ সেনা লৈ বিজয়সিংহক বন্দী কৰিম। [ প্ৰস্থানোত। তিলটা সৈন্য লৈ প্ৰতাপসিংহৰ বেশ। প্ৰতাপ—সেই শুভ মূহুৰ্ত্তৰ আগতে প্ৰতাপসিংহই বীৰেন্দ্ৰ সিংহক বন্দী কৰিব। [ সৈন্যক ] বন্দী কৰ! [ সৈন্যই বীৰেন্দ্ৰক বন্দী কৰে।-অনন্তক ] আৰু তুমি কাশ্মীৰৰ প্ৰজা হৈ, ৰাজশক্তিৰ বিৰুদ্ধে সৈন্যাধ্যক্ষক উত্তেজিত কৰিছা। [ সৈন্যক] বন্দী কৰ। [ এটা সৈন্য আগবাঢ়ে ] অনন্ত— সৈন্যক] সাৱধান! [ সৈন্য থমকি ৰয় ] প্ৰতাপসিংহ মই ৰাজভৃত্য নহওঁ। মই মন্ত্ৰীৰ জেষ্ঠ পুত্ৰ, কাশ্মীৰৰ স্বাধীন যুবক। তোমাৰ সৈন্যই মোক বন্দী কৰিব নোৱাৰে। প্ৰতাপ—তোমাৰ নিচিনা শত সহস্ৰ বিজ্ৰোহী মন্ত্ৰীপুত্ৰক প্ৰতাপসিংহৰ সৈন্যই বন্দী কৰিব পাৰে। [ খঙেৰে ] বন্দী কৰ। [ দুটা সৈন্যই অনন্তক বন্দী কৰে; গম্ভীৰ স্বৰে ] অনন্ত আৰু বীৰেন্দ্ৰসিংহ, তোমালোকে জনা উচিত কাশ্মীৰ অৰাজক নহয়; মহাৰাজ বিজয়সিংহৰ ন্যায়-দণ্ডৰ তলত কাশ্মীৰ 'ৰাজ্য সু-প্ৰতিষ্ঠিত। [ সৈন্যক ইঙ্গিত দি প্ৰস্থান। সৈন্যই অনন্ত আৰু বীৰেন্দ্ৰসিংহক লৈ প্ৰস্থান কৰে ]