পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ম দৃশ্য--ৰ্নিজয়সিংহৰ কক্ষ। ( বিজয়সিংহই শয্যাত অৰ্দ্ধশায়িত হৈ এখন পুথি পঢ়ি থাকে। ব্যস্ত হৈ ৰত্নাৰ প্ৰবেশ ৰত্না—বিজয়, বিজয়, বিজয়—আই, ৰত্ন-অনন্ত আৰু বীৰেন্দ্ৰসিংহক বন্দী কৰিছে? বিজয়-অনন্ত আৰু বীৰেন্দ্ৰসিংহক। বন্দী কৰিছে? কোনে? কথাৰ লগে লগে শয্যা ত্যাগ কৰে ] ৰত্না—সেনাপতি প্ৰতাপসিংহই। বিজয়-সেনাপতি প্ৰতাপসিংহই? কিয়? ৰত্ন—কিয় বন্দী কৰিছে নেজানো। বিজয় -প্ৰহৰী। [ প্ৰহৰীৰ প্ৰবেশ। মন্ত্ৰীক মাত, এতিয়াই। [ প্ৰহৰীৰ প্ৰস্থান ] আই, মই একো ধৰিব পৰা নাই। ৰত্না-ময়য় একো বুজিব পৰা নাই। বিজয়---অনন্ত প্ৰভাপৰ বন্ধু আৰু বীৰেন্দ্ৰসিংহ তেওঁৰ সহকাৰী। অথচ, প্ৰতাপৰ হাতত অনন্তু আৰু বীৰেন্দ্ৰ বন্দী! তুমি ক’ৰ পৰা শুনিলা আই? [ মন্ত্ৰীৰ প্ৰবেশ ] মন্ত্ৰীবৰ, অনন্ত আৰু বীৰেন্দ্ৰসিংহ বোলে বন্দী? মন্ত্ৰী —হয় মহাৰজ, সেনাপতিয়ে বন্দী কৰিছে। বিজয় - কি অপৰাধত?