পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭
কদম-কলি

আনন্দৰ কণা
সৰগৰ আনি,
 মৰ্ত্তত মোক যোগায়॥

(৫)

গা বীণ গা,
অমৃত সঙ্গীত,
 শুকানে মেলক কুঁহি,
প্ৰবাস-ভাগৰ
আতৰি পলাওক,
 মুখত ওলাওক হাঁহি।
বীণৰ বৰাগী!
বৰাগী নহৱ,
 দুখীয়া, নহৱ তই;
আনন্দৰ কণা,
ৰসৰ নিজৰা,
 বীণতে বান্ধিছ ঐ!
নমা ঐ! নমা ঐ!
আকাশী অমিয়া,
 আকাশী-গঙ্গাৰ দৰে৷
দে মোক, দে মোক,
বৰাগী ককাই ঐ!
 পিওঁ মই নিছিগা ধাৰে৷