পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কদম-কলি

নতুন প্ৰাণৰ
ন চকুজুৰি,
 দীপিতি ঢালি দে তাত;
পুৰণি পৃথিবী
ন-কৈ চাই লওঁ,
 হে বীণ এষাৰি মাত!

১৮৩৪ শক।

আঘোণ, হাওড়া।

⸻⸻

ধনবৰ আৰু ৰতনী

 ৰতনী মিৰি জীয়ৰী। তাইৰ বয়স ষোল; ঘৰ ধনশিৰী মুখত। ধনবৰ মিৰি ডেকা। তাৰ বয়স ষোল; ঘৰ দীখৌমুখত ৰতনী মাক বাপেকেৰে সৈতে উজাই আহি দিনচেৰেক ধনবৰৰ বাপেকৰ ঘৰ দীখৌমুখত আছিল। ৰতনী মাক বাপেকেৰে সৈতে নিজৰ ঘৰলৈ উভতি ভটীয়াই যাবৰ দিনা, দুপৰীয়া ব্ৰহ্মপুত্ৰৰ পাৰত বহি ধনবৰে এইদৰে বিনাই কানি থাকি, অন্তত আত্মবিলোপ কৰিলে।—

উজায়ে আহিলে ভাটীৰে ৰতনী,
  বুকুৰ মাধুৰী লৈ;
ভটীয়াই গলে ঐ শাহটো সামৰি,
  মোলৈ খোলাটো পৈ।