পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি ৮৭ আনন্দৰ কণা সৰগৰ আনি, মৰ্ত্তত মোক যোগায়।

  • গা বীণ গা,

অমৃত সঙ্গীত, | শুকানে মেলক কুঁহি, প্ৰবাস-ভাগৰ আতৰি পলাওক,

  • মুখত ওলাওক হহি।

বীণৰ বৰাগী! বৰাগী নহৰ, দুখীয়া, নহৱ তই; আনন্দৰ কণা, ৰসৰ নিজৰা, বণিতে বান্ধিছ ঐ। নমা ঐ! না ঐ! আকাশী অমিয়া, | আকাশী-গলাৰ দৰে।। দে মোক, দে মোক, বৰাগী ককাই ঐ! | পিওঁ মই নিছিগা ধাৰে।।