পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
কদম-কলি

কত আছে এনে চাউল পানীত দিলে ভাত?
কত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত?
কত পাবা পকা-খৰিচা, কত ঢেকীয়া শাক?
এঠা-দৈ কত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি!

কত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী?
ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী?
লুইতৰ দৰে বৰ নৈ কত আছে কোৱা?
ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা
হেৰা আমাৰ জন্মভূমি!

কত এনে মিৰি-নাচ, কত এনে বিহু?
কত পাব জগা গাইৰ এনেকুৱা ফেহু?
হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়া
লৰা-ছোৱালী কত এনে দেখুৱাই দিয়াঁ?

এনেখনি দেশ কতো নোপোৱা বিচাৰি,
নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি।
হেৰা আমাৰ জন্মভূমি!

১৮৩১ শক, আঘোণ।

ঝাৰসোগোড়া।

⸻⸺