পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ছয় ঋতুৰ ডাক

(গীত)

জহ জাৰ বাৰিষাৰে নিলি-জুলি লবা।
নহলে তোমাৰ নাও বুৰিব জানিবা॥

বসন্তই কুউবায়, সুহুৰি ফুৰ্ফুৰ।
জানে সেহায়, কাহ মাৰে কুহুৰ কুহুৰ॥
জহৰ তপত মাত যেনে চেঙা পানী।
বাৰিষাই ঘৰ্ঘৰায়, ৰিং মাৰে টানি॥
জহ, জাৰ, বাৰিষাৰে---- ইত্যাদি।

পানী-লগা হেমন্তই হাঁচিঔ মাতে।
আজোৰত চুৰিয়াৰ খোচানাটো ফাটে॥
চন্দ্ৰাৱলী শৰতৰ নূপুৰৰ ধ্বনি
মন কাণ পাতি দিলে ভালকৈয়ে শুনি॥
জহ, জাৰ, বাৰিষাৰে—-- ইত্যাদি।

১৮৩১ শক, আঘোণ।

ঝাৰসোগোড়।

⸺⸺