পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কলা বগা { গীত ) (ভৈৰবী-বাপতাল ) কলাই বগাই মিল নাই, কোন নজনাই কয়? পদুমৰ পাহিৰ বুকুত ভেমোৰা কিয়বা গুপুত? জোনৰ কোলাত শহা কিয় ৰয়? কৃষ্ণৰ কোলাত কিয় বাধা? সৌদামিনী মেঘত বন্ধা? হিমালয়ৰ টিঙত কিয় বগা বৰফ পৰি ৰয়? ১৮৩১ শুক, আঘোণ। বাসোগোড়া। আমাৰ জন্মভূমি (গীত) হেৰা আমাৰ জন্মভূমি! হেৰা আমাৰ জন্মভূমি! এনে দেশ কতো নোপোৱা হেৰা তুমি। হেৰা আমাৰ জন্মভূমি।