পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি কত আছে এনে চাউল পানীত দিলে ভাত? কত এনে কুঁজী-থেকেৰ টেঙাই যায় দাত? কত পাবা পকা-খৰিচা, কত, ঢেকীয়া শাক? এঠা-দৈ কত এনে নেৰায় ধুলে যাক। (হৰা আমাৰ জন্মভূমি! ~ ~ ~নে ধানৰ পথাৰ, তামোল পাণৰ বাৰী? ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী? লুইতৰ দৰে বৰ নৈ কত আছে কোৱা? ঘূৰি আহা বসুমতী, তথাপি নোপোৱা হেৰা আমাৰ জন্মভূমি! ^^ কত এনে মিৰি-নাচ, কত এনে বিহু? কত পাব জগ গাইৰ এনেকুৱা ফেহু? হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়া ৰা-ছোৱালী কত এনে দেখুৱাই দিয়? এনেখনি দেশ কততা নোপোৱা বিচাৰি, নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি। ছে। আমাৰ জন্মভূমি। ১৮৩১ শক, আঘোণ। ঝাৰসোগোড়া।