পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
কদম-কলি

 মাত্ৰ সৌন্দৰ্য্যৰ খনি;
গোলপুৱা হাঁহি মুখত নধৰা,
 অন্তৰত কাল ফণী।
কোমল অন্তৰ, প্ৰেমময় মন,
 কোমল জুৰ হৃদয়;
দিয়া যত দিনে ৰাতি মোৰ মন
 অচল অতল ৰয়৷

১৮১৩ শক

কলিকতা।

⸻⸻

ভ্ৰম

কোনে কলে সেয়া বাঁহী বাজে বুলি?
 বন-দেবী গীত গায়৷
শেৱালিৰ মালা নহয় এইধাৰ,
 তৰাৰে গুথিছে হায়!
নহয় ফুলনি, কুৱঁৰীসকল;
 দঢ়াই দঢ়াই কওঁ।
গোলাপ নহয়, প্ৰিয়াৰ নয়ন,
 দেখি থিৰ হৈ ৰওঁ।
কোনে কয় সেইটি হৰিণা-পোৱালি?
 ইমান চেতনা নাই।