পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
কদম-কলি

বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি
 দেও দি দুবৰি খায়।
নহয় পুখুৰী, প্ৰেমিকৰ হিয়া;
 পানী নহয় প্ৰেমৰস।
নৈ নহয়, ঠিক-প্ৰেমৰ-প্ৰৱাহ,
 বিচাৰি প্ৰেম বিবশ।
বীণৰ আত্মাটি উৰি “গুণ” গায়,
 কোনে নো ভোমোৰা বোলে?
খোপাৰ ফুলটী উৰিয়েই প্ৰিয়াৰ,
 পখিলাৰ নাম পালে।
কৃষ্ণপখী বলে নিকুঞ্জ বনত
 কৃষ্ণ কৃষ্ণ ডাক দিছে?
পখী নহয়, জানা ব্ৰজৰ কান্দোন,
 প্ৰতিধ্বনি ৰূপে আছে।
মলয়া নহয়, বিৰহীসবৰ
 গোটখোৱা হুমুনিয়া,
প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে।
 সেয়েহে জানা সন্ধিয়া৷

১৮১৩ শক

কলিকতা।

⸺⸺