পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
কদম-কলি

মিহি মউ মাত, বিয়াধৰ পেঁপা,
 ৰাখে কৰি মাথোঁ ভোল।
সুগোল সুঠাম সুবলি বলিত
 বাহু জঙ্ঘা উৰু কৰ,
সকলোবিলাক চোকা চোকা অস্ত্ৰ,
 শণাইত সুতীক্ষ্ণ শৰ।
নেলাগে সুন্দৰী মন প্ৰাণহাৰী,
 দিয়া মোক এনে হিয়া,
যি হিয়াত মজি মোৰ এই প্ৰাণ
 হৈ যায় নাইকিয়া।
দিয়া এনে প্ৰেম যি প্ৰেমে বেলেগে
 অস্তিত্ব বিলোপ কৰে৷
প্ৰণয়-মদিৰা দিয়া এনে মোক,
 চিৰকাল লাগি নেৰে৷
এনে চুমা লাগে, যি চুমাই দুখন
 নিভাজ হিয়াক জোৰে;
চকু যেন দুই মুকলি দুৱাৰ,
 প্ৰেমৰ ভঁৰাল-ঘৰে।
কথা নহয় প্ৰেম-মুৰুলীৰ মাত,
 কপটত আৰু নাই;
মৰমে মৰমে মৰম-নিগড়,
 বান্ধোন বোলে মিছাই।
নিদিবা নিদিবা সুন্দৰ প্ৰতিমা