পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
কদম-কলি

উষাৰ পোহৰ, বসন্ত মলয়া,
  নিয়ৰে তিৱোৱা যুই,
শতেক বছৰ সম্ভোগ হওক,
  আশীৰ্বাদ দিওঁ মই।

১৮৩৫ শক।

ভাদ, হাওড়া৷

⸻⸻

ঈশ্বৰ আৰু ভকত

বৈকুণ্ঠৰেপৰা হৰিয়ে শুধিলে—
 “কোন কোন আহিবৰ হল?”
নাম-লোৱা ভকতে সদৰি বুলিলে—
 “নামতে গৈ আছোঁ তল। ”
বৈকুণ্ঠৰে পৰা গোসাঁয়ে মাতিলে—
 “আহা হে ভকতসকল!”
নাম-লোৱা ভকতে লাহেকৈ বুলিলে—
 ভকতিত পাই লওহঁক বল।
প্ৰভুৱে মাতিলে, “বাপু মোৰ ভকত হে,—
 প্ৰসাদ লবৰে হল। ”
ভকতে বুলিলে “প্ৰভু বাসুদেউ,
 নামতে ভোক পিয়াহ গল। ”