সমললৈ যাওক

পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
কদম-কলি

নাৰদক মাতিলে, উদ্ধৱক মাতিলে,
বিদুৰক প্ৰভু মাতিছে।
নাৰদে বিদুৰে উদ্ধৱে বুলিলে-
“যাম প্ৰসঙ্গৰ পিছে। ”
“মৰতত ভকত, বৈকুণ্ঠত মুকুত,
লৰি আতৈসকল আহাঁ।”
“নেযাৱেঁ নেযাৱেঁ প্ৰভু মোৰ গোবিন্দাই,
মুকুতিৰ নকৰো বেহা।”
নাহা হে যদি, মই যাবকেই লাগিল,
লগলৈ তোমালোকৰ।
ভকতক এৰি থাকিব নোৱাঁৰোঁ,
পলকেই একো বছৰ।

১৮৩৫ শক।
ভাদ, লৰেল্‌‌চ, হাওড়া।

−অন্ত−