এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৩৪
কদম-কলি
( উষাৰ পোহৰ, বসন্ত মলয়া,
নিয়ৰে তিৱোৱা যুই,
শতেক বছৰ সম্ভোগ হওক,
আশীৰ্বাদ দিওঁ মই।
১৮৩৫ শক।
ঈশ্বৰ আৰু ভকত
বৈকুণ্ঠৰেপৰা হৰিয়ে শুধিলে-
| “কোন কোন আহিবৰ হল?”
নাম-লোৱ ভকতে সদৰি বুলিলে-
“নামতে গৈ আছে হল। ”
বৈকুণ্ঠৰে পৰা গোৰ্সায়ে মাতিলে-
“আহা হে ভকতসকল!”
নাম-লোৱা ভকতে লাহেকৈ বুলিলে-
ভকতিত পাই লওঁক বল।
প্ৰভুৱে মাতিলে, “বাপু মোৰ ভকত হে,
প্ৰসাদ লবৰে হল। ”
ভকতে বুলিলে “প্ৰভু বাসুদেউ,
নামতে তোক পিয়াহ গল। ”