পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কদম-কলি

 বালিঘোৰা বালিমাহী খেদি খেদি লৱৰোঁ;
 গালি পাৰি প্ৰতিধ্বনিক ডিঙি মেলি চিয়ঁৰে॥

 আহাঁ হেৰা প্ৰাণসখী, নৈত নামি নাদোৰোঁ৷
 বুৰ মাৰি পানীৰ তলত, পাৰোঁ মানে ভাগৰোঁ;
চিলনী-সাঁতোৰ দিওঁ,  সোঁতে সোঁতে উটি যাওঁ;
 পানীত টুকুৰিয়াওঁ আঙ্গুলিৰ আগেৰে।
 বুৰবুৰণি কাঢ়ো পানীৰ তলত নাকেৰে।

 কুলিক সিয়াৰোঁ আহাঁ ফুলনিত সোমাই;
 গোলাপক পেলাওঁ লাজ, ওৰণ গুচাই;
 সেউতীক দিওঁ বিয়া ৰাঙলেৰে সইতে;
 শাৰী পাতি মালতীক বহুৱাওঁ তহিতে;
বকুল গোটাই আনি,  নিয়ৰৰ সিঁচি পানী,
 নোৱাওঁ উৰুলি দি জাত-লগা নামেৰে।
 গান্ধবিৰিণাৰ পাত বজাওঁ আনন্দেৰে।

 ঘৰ-বাৰী মিছা, কোনো কালে মোক নালাগে
 নেচাও পৰক যি ইসব নিতিয়াগে।
বকুলৰ গুটি খাম,  সেউতীৰ বিয়া চাম,
কৰবীৰৰ মৌ পিম,  কেতেকীৰ ধুলি লম,
ভামোৰাৰে গাম গীত,  কুলিৰে বন্ধাম মিত,
 ভাতফেচুৰ সৈতে ওৰে দিন গাম নাম।