পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি বালিঘোৰা বালিমাহী খেদি খেদি লৱৰে; গালি পাৰি প্ৰতিধ্বনিক ডিঙি মেলি চিয়ৰে।। আহা হেৰা প্ৰাণসখী, নৈত নামি নাদোৰে।। | বুৰ মাৰি পানীৰ তলত, পাৰে। মানে ভাগৰে; চিলনী-সাতোৰ দিওঁ, সেঁতে সেঁতে উটি যাওঁ। পানীত টুকুৰিয়াওঁ আঙ্গুলিৰ আগেৰে। বুৰবুৰণি কাঢ়ো পানীৰ তলত নাকেৰে। কুলিক সিয়াৰে। আহ ফুলনিত সোমাই। গোলাপক পেলাওঁ লাজ, ওৰণ গুচাই। সেউতীক দিওঁ বিয়া ৰাঙলেৰে সইতে; শাৰী পাতি মালতীক বহুৱাওঁ তহিতে। বকুল গোটাই আনি, নিয়ৰৰ সি চি পানী, নোৱাওঁ উৰুলি দি জাত-লগা নামেৰে। গান্ধবিৰিণাৰ পাত বজাওঁ আনন্দেৰে। ঘৰ-বাৰী মিছা, কোনো কালে মোক নালাগে নেচাও পৰক যি ইসব নিতিয়াগে। বকুলৰ গুটি খাম, সেউতীৰ বিয়া চাম, কৰবীৰৰ মৌ পিম, কেতেকীৰ ধুলি গম, ভামোৰাৰে গাৰ গীত, কুলিৰে বন্ধাম মিত, ভাতফেচুৰ সৈতে ওৰে দিন গাম নাম।