পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
আবিষ্কাৰ


“এইটো কেনেকৈ সম্ভব হ’ব পাৰে। এই হাকিমেই জীয়েকক দিবলৈ কিমান চেষ্টা কৰিলে, কিমান প্ৰলোভন দেখুৱালে, তথাপি মাধৱক সম্মত কৰাব নোৱাৰিলে। ছোৱালীও ৰূপে- গুণে চকুত লগাই আছিল। আকৌ মালৱিকাও ৰূপে-গুণে, স্বভাৱে-চৰিত্ৰই, লিখাই-পঢ়াই প্ৰতিমাতকৈ বহুত ওপৰত। আজি ইমান দিন দুয়ো প্ৰায় একেলগে আছে, দুয়োৰে প্ৰতি দুয়োৰে স্নেহৰ আকৰ্ষণ আছে, তথাপি কেতিয়াও তেওঁ ভাই- ভনীৰ মিলাপ্ৰীতিৰ বাহিৰে আন ভাবৰ আভাস দিয়া নাই। সেই মাধৱে হঠাৎ লগ পোৱা এজনী পতিতাক কেতিয়াও আত্ম-সমৰ্পণ কৰিব নোৱাৰে। হাজাৰে ক'লেও মই বিশ্বাস নকৰোঁ।”
 মহেশ্বৰে এইদৰে মনতে আলোচনা কৰি থাকোতেই মাধৱ মালৱিকাৰে সৈতে ক'ৰবাৰ পৰা ঘূৰি আহি সোমাল। মহেশ্বৰে মাধৱক অকলশৰীয়াকৈ মাতি ক'লে,-“বোপা মই তোমাক কথা এটা কওঁ, বেয়া নাপাব। এই যে তোমাৰ আৰু প্ৰতিমাৰ নামে বেয়া কথাবোৰ ওলাইছে, সেইবোৰ শুনি মই বেয়া পাইছো।”
 মাধৱ।-তেনেহ'লে সেইবোৰ কথাত আপোনাৰ প্ৰত্যয় জন্মিছে?
 মহে।-নাই জন্মা। মই মাত্ৰ সুধিব খুজিছো এনে আলোচনালৈ তুমি কিয় লোকক সুযোগ দিছা?
 মাধৱ।—নিদি উপায় নাই। একমাত্ৰ উপায় হৈছে