পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
মাধৱৰ প্ৰতিজ্ঞা


প্ৰতিমা আগৰ দৰেই জীৱন অতিবাহিত কৰিবলৈ এৰি দিয়া। কিন্তু মই সেইটো কৰিব নোৱাৰোঁ। মই সমাজৰ লগত যুদ্ধ কৰিম; সমাজে যাক ভ্ৰষ্টা বুলি নৰকৰ গভীৰতম কুণ্ডলৈ ঠেলি লৈ গৈছে, তেওঁক মই উদ্ধাৰ কৰি এক জ্যোতিৰ্ম্ময় ৰাজ্যলৈ লৈ যাম, তেওঁৰ হতুৱায়েই নিঃস্ব, পতিত, পদদলিত সকলৰ প্ৰাণৰ স্পন্দন তোলাম, সমাজ আৰু আভিজাত্যৰ বিৰুদ্ধে বিদ্ৰোহৰ নিচান তোলাম। হ'ব পাৰে তেওঁক তুলিবলৈ যাওঁতে মোৰ গাতো চেকা লাগিব, অজ্ঞ জনতাই মোক দোষী সাব্যস্ত কৰিব, হয়তো মোৰ বন্ধু-বান্ধৱেও মোক এৰা দিব। কিন্তু যেয়ে যিহকে কৰক, মই যি কাৰ্য্য হাতত লৈছোঁ, তাৰ ফলাফল নোচোৱাকৈ এৰিব নোৱাৰোঁ। আপোনাক কোৱা নাই যদিও, যেতিয়ালৈকে মোৰ কথা মতে চলিব তেতিয়ালৈকে মই প্ৰতিমাৰ অভিভাৱক হ’বলৈ প্ৰতিশ্ৰুত হৈছোঁ।
 কথা কৈ যাওঁতে মাধৱৰ চকুত এনে এটা দীপ্তি দেখা গৈছিল যে মহেশ্বৰ মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে পৰ হৈ ৰ'ল। মাধৱৰ কথাত তেওঁৰ পূৰ্ব্বৰ বিশ্বাস আৰু দৃঢ় হ'ল। তেওঁ আৰু একো নুসুধিলে।