পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
মাধৱৰ প্ৰতিজ্ঞা


 হাকিম।-আকৌ কিয় সুধিছেহে নে? কিয়, সেই প্ৰতিমা নে কি নটিনীজনীৰ লগত তেওঁৰ কেনে কাৰবাৰ চলিছে আপুনি জানো ক’ব নোৱাৰে?
 মহো।—আপোনালোকে যি ভাবিছে সি ভল। মাধৱ তেনেকুৱা মানুহেই নহয়।
 হাকিম।— আপোনাৰ মন বৰ সৰল। এবাৰ মনত এটা বিশ্বাস বহিছে, তাক এৰিবৰ ইচ্ছা নকৰে। মুঠতে আপুনি চকু থাকি কণা, কাণ থাকি কলা হৈছে। আন যিহকে নকৰক, আপোনাৰ ছোৱালীজনীক এনে এটা মানুহৰ লগত ঘনিষ্ঠতা ৰাখিবলৈ দিয়া নিতান্ত অনুচিত হৈছে।
 মহে।—ক্ষমা কৰিব, মই আপোনাৰ কথাত আপত্তি কৰোঁ। মাধৱৰ চৰিত্ৰ মই আপোনাতকৈ বহুত বেচিকৈ বুজোঁ। আনফালে মোৰ ছোৱালীও যে আন ছোৱালীৰ দৰে নহয়, তাকে আনে নাজানিলেও মই জানো। মই দুয়োৰে প্ৰতি কিমান সূক্ষ্ম ভাৱে লক্ষ্য কৰিছোঁ, তাক আপোনালোকে নাজানে বুলিয়েই মোক উপদেশ দিবলৈ আগ বাঢ়িছে। মই কওঁ, মালৱিকাৰ চিত্ত-সংযম, ধৰ্ম-প্ৰৱণতা, চৰিত্ৰবল আদি। মাধৱৰ সাহচৰ্য্য়ই বঢ়াইছে হে, টুটোৱা নাই।
 হাকিম।-আপোনাৰ যদি এয়ে বিশ্বাস, মোৰ কবলৈ একো নাই।
 তাৰ পিচত আন কথা দুই-চাৰিটা পাতি হাকিম উঠি গ'ল। হাকিম গ’লত মহেশ্বৰে নিজৰ মনতে ভাবিবলৈ ধৰিলে,-