“এইটো কেনেকৈ সম্ভব হ’ব পাৰে। এই হাকিমেই জীয়েকক
দিবলৈ কিমান চেষ্টা কৰিলে, কিমান প্ৰলোভন দেখুৱালে,
তথাপি মাধৱক সম্মত কৰাব নোৱাৰিলে। ছোৱালীও ৰূপে-
গুণে চকুত লগাই আছিল। আকৌ মালৱিকাও ৰূপে-গুণে,
স্বভাৱে-চৰিত্ৰই, লিখাই-পঢ়াই প্ৰতিমাতকৈ বহুত ওপৰত।
আজি ইমান দিন দুয়ো প্ৰায় একেলগে আছে, দুয়োৰে প্ৰতি
দুয়োৰে স্নেহৰ আকৰ্ষণ আছে, তথাপি কেতিয়াও তেওঁ ভাই-
ভনীৰ মিলাপ্ৰীতিৰ বাহিৰে আন ভাবৰ আভাস দিয়া নাই।
সেই মাধৱে হঠাৎ লগ পোৱা এজনী পতিতাক কেতিয়াও
আত্ম-সমৰ্পণ কৰিব নোৱাৰে। হাজাৰে ক'লেও মই বিশ্বাস
নকৰোঁ।”
মহেশ্বৰে এইদৰে মনতে আলোচনা কৰি থাকোতেই মাধৱ
মালৱিকাৰে সৈতে ক'ৰবাৰ পৰা ঘূৰি আহি সোমাল। মহেশ্বৰে
মাধৱক অকলশৰীয়াকৈ মাতি ক'লে,-“বোপা মই তোমাক
কথা এটা কওঁ, বেয়া নাপাব। এই যে তোমাৰ আৰু
প্ৰতিমাৰ নামে বেয়া কথাবোৰ ওলাইছে, সেইবোৰ শুনি মই
বেয়া পাইছো।”
মাধৱ।-তেনেহ'লে সেইবোৰ কথাত আপোনাৰ প্ৰত্যয়
জন্মিছে?
মহে।-নাই জন্মা। মই মাত্ৰ সুধিব খুজিছো এনে
আলোচনালৈ তুমি কিয় লোকক সুযোগ দিছা?
মাধৱ।—নিদি উপায় নাই। একমাত্ৰ উপায় হৈছে
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৪৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
আবিষ্কাৰ