পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০

 বচ্‌! সেয়াই আৰম্ভণি তাইৰ জীৱনৰ চাকনৈয়াবোৰৰ। বৰুণে খুব গালি দিছিল তাইক।

 : কি পাগলামী কৰিছা তুমি এয়া? খুড়াই তোমাক সোধোঁতে সঁচা কথা কিয় নক’লা? তেওঁতো তোমাক জোৰ কৰা নাছিল। নিজে ভুল ধাৰণা এটা মনত পুহি লৈ যে তুমি খেলিমেলি কৰিবলৈ ওলাইছা তাক বুজিছানে? ব’লা এতিয়াই মোৰ লগত খুড়াৰ ওচৰলৈ। মই কথা হ'ম তেখেতৰ লগত।-উত্মাৰে উঠি আহিছিল সি চকীখনৰ পৰা। পাৰিজাতে তাক এসোপামান যুক্তি দেখুৱাইছিল। শুনা নাছিল সি।

 : ভুল কৰিবলৈ ওলাইছা তুমি। তিনিটা জীৱন ধ্বংস কৰি কি তুমি ঋণ শুজিবা? বাঃ! যিদিনা সত্য সকলোৰে সন্মুখলৈ আহিব, কেৱল তিনিটা জীৱনেই নহয়, সকলোৰে জীৱনত আউল লাগিব। আৰু তাৰ দায়ী একমাত্ৰ তুমি হ'ব। এটা সৰু সামান্য ভুল বুজাবুজিৰ কাৰণে গোটেই জীৱন কান্দিবা তুমি।

 কিমান যে শুদ্ধ আছিল সি! প্ৰাঞ্জল আৰু তাইৰ বিয়াৰ পাছত কেনেকৈ জানো বৰুণৰ কথাবোৰ গম পাইছিল খুড়াকে। দুখ, খং, অভিমান, অপৰাধবোধত মানুহজনে মৰাৰ আগমুহূৰ্তলৈকে তাইক মতাকৈ থাকিল। কথাষাৰ মনত পৰিলে অনুশোচনাত দুচকু সজল হৈ আহে পাৰিজাতৰ। ষ্ট্ৰোক হৈ অকাল মৃত্যুবৰণ কৰা খুড়াকক এনে অৱস্থালৈ থেলি পঠিওৱাৰ দায়ীতো তাই নিজেই। মানুহজনে সঁচাকৈয়েই তাইক নিজৰ ছোৱালী বুলি ভাবিছিল।

 বিয়া হৈ গৈছিল। ব্ৰিাহৰ পাছতো সিহঁত দুয়োৰে মাজত একো সৌহাদ্য গঢ়ি নুঠিল। দুটা বিপৰীত কেন্দ্ৰত দুয়োৰে উপস্থিতি। সম্পৰ্কটোক সহজ কৰিবলৈ প্ৰাঞ্জলে আগবঢ়োৱা এটা খোজৰ প্ৰত্যুত্তৰত খং, ঘৃণা, বিতৃষ্ণাৰে দহখোজ পিছুৱাই যায় তাই। প্ৰথমাৱস্থাত অত্যধিক অধিকাৰবোধেৰে তাইক নিজৰ নিদেৰ্শনাত ৰাখিব খোজা প্ৰাঞ্জল তাইৰ নিৰ্বিকাৰ, নিৰুদ্বেগ আচৰণত অতিষ্ঠ হৈ ক্ৰমশঃ নিস্তেজ হ’বলৈ ধৰিছে। কমি আহিছে তাৰ কণ্ঠৰ উষ্ণতা। ঔদ্ধত্য। নিজৰ মাজতে ব্যস্ত হৈ ৰয় সি আজিকালি। হয়তো সিও বুজিব পৰা হৈছে- শিকলিৰে বান্ধি আনিব নোৱাৰি কাৰোৰে পৰা অধিকাৰহীন ভালপোৱা।

 : অতিষ্ঠ হৈ পৰিছো মই নিজকে লৈ। পিঞ্জৰাত আৱদ্ধ যেন মই। উশাহ নাপাওঁ মই বৰুণ। কি ভুল কৰিলোঁ এয়া! শুদ্ধ আছিলা তুমি। একেবাৰেই শুদ্ধ। সুদীৰ্ঘ পাঁচবছৰৰ পাছত বৰুণৰ আগত স্বীকাৰোক্তি কৰিছিল পাৰিজাতে। সন্মুখত থকা পানী ওপচা গিলাচটোৰ দৰে তাইৰ চকুযুৰিতো ভীৰ কৰিছিল লুণীয়া পানীয়ে। বৰুণে তাইৰ ফালে চাই নীৰৱে টি এখন আগবঢ়াই দিছিল।

 আকস্মিক আছিল সেই সাক্ষাৎ | ছমাহ আগেয়ে গোৱালিয়ৰৰ পঞ্চতাৰকা হোটেল এখনত ভেটা ভেটি হৈছিল সিহঁতৰ পুনৰ।প্ৰাঞ্জলকনফাৰেঞ্চ আছিল। তাইও গৈছিল লগত। সি ওলাই যোৱাৰ পাছত কিবা কাৰণত হোটেলৰ ৰিচেপচন কাউন্টাৰলৈ যাওঁতেই তাত ভেটাভেটি হৈছিল বৰুণৰ সতে। প্ৰথমে দুয়ো কিছুপৰ শিলৰ টুকুৰাৰ দৰে জঠৰ হৈ ৰৈছিল। তাৰপাছত খবৰ লৈছিল ইজনে আনজনৰ। পাঁচটা বছৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি অৱশেষত বৰুণৰ কৰ্মস্থান পুনৰ গুৱাহাটী। প্ৰথমে গম্ভীৰ হোৱাৰ অভিনয় কৰিলেও শেষলৈ তাই ভাগি পৰিছিল। কৈ পেলাইছিল অসম্পূৰ্ণ সংসাৰখনৰ কথা। বৰুণে তাইক সান্ত্বনা দিছিল। আশ্বাস দিছিল। সেই আশ্বাস আজি ছমাহৰ পাছত প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰ ঘটিছে। হয়তো এতিয়া প্ৰাঞ্জলেও গম পাইছে সেই কথা!

 বিগত ছমাহ প্ৰাঞ্জলে নজনাকৈ বৰুণৰ লগত তাই সময় কটাইছে। কথা পাতিছে, কেতিয়াবা কান্দিছে। বৰুণে বাৰে বাৰে তাইক সোঁৱৰাই দিছে- একেলগে থাকিও এক হ'ব নোৱাৰাতকৈ একক জীৱন শ্ৰেষ্ঠ।

 : আঁতৰি আঁহা পাৰিজাত। মই আছে তোমাৰ লগত। আমি নতুনকৈ সপোন দেখিম। কি ভাবি ৰৈ যোৱা তুমি প্ৰতিবাৰ?

 এৰা! কি ভাবি ৰৈ যায় তাই প্ৰতিবাৰ? প্ৰাঞ্জলৰ বাবে কোনো তাগিদা তাইৰ মনত কাহানিও জন্ম নহ'ল। প্ৰাঞ্জলৰ লগত ফ্লাৰ্ট কৰিবলৈ সুযোগ বিচাৰি ফুৰা সহকৰ্মী মায়াৰ মেছেজবোৰ দেখিলেও প্ৰতিক্ৰিয়াহীন পাৰিজাত। অপুষ্টিত জৰ্জৰ শৰীৰৰ দৰে প্ৰেমহীনতাত জৰ্জৰ হৈ পৰিছে এই সম্পৰ্ক। তেনেস্থলত বিবাহ বিচ্ছেদৰ কথা কলেই তাই কিয় থমকি ৰৈ যায়! কিয় বৰুণৰ বাবে বিবাহপ্ৰাৰ্থীৰ কথা তাৰ ঘৰত আলোচনা হোৱাৰ কথা জনাৰ পাছতো তাই আগবাঢ়িব পৰা নাই বিবাহ বিচ্ছেদৰ। প্ৰক্ৰিয়ালৈ? ওঁঠ কামুৰি কিয় থমকি ৰৈ যায় প্ৰাঞ্জলৰ ওচৰত প্ৰতিবাৰে? এটা মৰমৰ চুমা, উষ্ণ আলিংগনৰ পৰা বঞ্চিত এটা সম্পৰ্কত কিয় দুজন লোক বান্ধখাই থাকে?

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড