পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

১৬০ ব! সেয়াই আৰম্ভণি তাইৰ জীৱনৰ চাকনৈয়াবােৰৰ। বৰুণে খুব গালি দিছিল তাইক। ঃ কি পাগলামী কৰিছা তুমি এয়া? খুড়াই তােমাক সােধোঁতে সঁচা কথা কিয় নক’লা? তেওঁতাে তােমাক জোৰ কৰা নাছিল। নিজে ভুল ধাৰণা এটা মনত পুহি লৈ যে তুমি খেলিমেলি কৰিবলৈ ওলাইছা তাক বুজিছানে? ব’লা এতিয়াই মােৰ লগত খুড়াৰ ওচৰলৈ। মই কথা হ'ম তেখেতৰ লগত।-উত্মাৰে উঠি আহিছিল সি চকীখনৰ পৰা। পাৰিজাতে তাক এসােপামান যুক্তি দেখুৱাইছিল। শুনা নাছিল সি। ও ভুল কৰিবলৈ ওলাইছা তুমি। তিনিটা জীৱন ধ্বংস কৰি কি তুমি ঋণ শুজিবা? বাঃ! যিদিনা সত্য সকলােৰে সন্মুখলৈ আহিব, কেৱল তিনিটা জীৱনেই নহয়, সকলােৰে জীৱনত আউল লাগিব। আৰু তাৰ দায়ী একমাত্র তুমি হ'ব। এটা সৰু সামান্য ভুল বুজাবুজিৰ কাৰণে গােটেই জীৱন কান্দিবা তুমি। কিমান যে শুদ্ধ আছিল সি! প্রাঞ্জল আৰু তাইৰ বিয়াৰ পাছত কেনেকৈ জানাে বৰুণৰ কথাবােৰ গম পাইছিল খুড়াকে। দুখ, খং, অভিমান, অপৰাধবােধত মানুহজনে মৰাৰ আগমুহূৰ্তলৈকে তাইক মতাকৈ থাকিল। কথাষাৰ মনত পৰিলে অনুশােচনাত দুচকু সজল হৈ আহে পাৰিজাতৰ। ষ্ট্ৰোক হৈ অকাল মৃত্যুবৰণ কৰা খুড়াকক এনে অৱস্থালৈ থেলি পঠিওৱাৰ দায়ীতাে তাই নিজেই। মানুহজনে সঁচাকৈয়েই তাইক নিজৰ ছােৱালী বুলি ভাবিছিল। বিয়া হৈ গৈছিল। ব্ৰিাহৰ পাছতাে সিহঁত দুয়ােৰে মাজত একো সৌহাদ্য গঢ়ি নুঠিল। দুটা বিপৰীত কেন্দ্ৰত দুয়ােৰে উপস্থিতি। সম্পর্কটোক সহজ কৰিবলৈ প্রাঞ্জলে আগবঢ়োৱা এটা খােজৰ প্রত্যুত্তৰত খং, ঘৃণা, বিতৃষ্ণাৰে দহখােজ পিছুৱাই যায় তাই। প্রথমাৱস্থাত অত্যধিক অধিকাৰবােধেৰে তাইক নিজৰ নিদের্শনাত ৰাখিব খােজা প্রাঞ্জল তাইৰ নির্বিকাৰ, নিৰুদ্বেগ আচৰণত অতিষ্ঠ হৈ ক্ৰমশঃ নিস্তেজ হ’বলৈ ধৰিছে। কমি আহিছে তাৰ কণ্ঠৰ উষ্ণতা। ঔদ্ধত্য। নিজৰ মাজতে ব্যস্ত হৈ ৰয় সি আজিকালি। হয়তাে সিও বুজিব পৰা হৈছে- শিকলিৰে বান্ধি আনিব নােৱাৰি কাৰােৰে পৰা অধিকাৰহীন ভালপােৱা। ও অতিষ্ঠ হৈ পৰিছাে মই নিজকে লৈ। পিঞ্জৰাত আৱদ্ধ যেন মই। উশাহ নাপাওঁ মই বৰুণ। কি ভুল কৰিলোঁ এয়া! শুদ্ধ আছিলা তুমি। একেবাৰেই শুদ্ধ। সুদীর্ঘ পাঁচবছৰৰ পাছত বৰুণৰ আগত স্বীকাৰােক্তি কৰিছিল পাৰিজাতে। সন্মুখত থকা পানী ওপচা গিলাচটোৰ দৰে তাইৰ চকুযুৰিতাে ভীৰ কৰিছিল লুণীয়া পানীয়ে। বৰুণে তাইৰ ফালে চাই নীৰৱে টি এখন আগবঢ়াই দিছিল। আকস্মিক আছিল সেই সাক্ষাৎ | ছমাহ আগেয়ে গােৱালিয়ৰৰ পঞ্চতাৰকা হােটেল এখনত ভেটা ভেটি হৈছিল সিহঁতৰ পুনৰ।প্রাঞ্জলকনফাৰেঞ্চ আছিল। তাইও গৈছিল লগত। সি ওলাই যােৱাৰ পাছত কিবা কাৰণত হােটেলৰ ৰিচেপচন কাউন্টাৰলৈ যাওঁতেই তাত ভেটাভেটি হৈছিল বৰুণৰ সতে। প্রথমে দুয়াে কিছুপৰ শিলৰ টুকুৰাৰ দৰে জঠৰ হৈ ৰৈছিল। তাৰপাছত খবৰ লৈছিল ইজনে আনজনৰ। পাঁচটা বছৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি অৱশেষত বৰুণৰ কৰ্মস্থান পুনৰ গুৱাহাটী। প্রথমে গম্ভীৰ হােৱাৰ অভিনয় কৰিলেও শেষলৈ তাই ভাগি পৰিছিল। কৈ পেলাইছিল অসম্পূর্ণ সংসাৰখনৰ কথা । বৰুণে তাইক সান্ত্বনা দিছিল। আশ্বাস দিছিল। সেই আশ্বাস আজি ছমাহৰ পাছত প্রতিশ্রুতিলৈ ৰূপান্তৰ ঘটিছে। হয়তাে এতিয়া প্রাঞ্জলেও গম পাইছে সেই কথা ! বিগত ছমাহ প্রাঞ্জলে নজনাকৈ বৰুণৰ লগত তাই সময় কটাইছে। কথা পাতিছে, কেতিয়াবা কান্দিছে। বৰুণে বাৰে বাৰে তাইক সোঁৱৰাই দিছে- একেলগে থাকিও এক হ'ব নােৱাৰাতকৈ একক জীৱন শ্রেষ্ঠ। ঃ আঁতৰি আঁহা পাৰিজাত। মই আছে তােমাৰ লগত। আমি নতুনকৈ সপােন দেখিম। কি ভাবি ৰৈ যােৱা তুমি প্রতিবাৰ ? এৰা ! কি ভাবি ৰৈ যায় তাই প্রতিবাৰ? প্রাঞ্জলৰ বাবে কোনাে তাগিদা তাইৰ মনত কাহানিও জন্ম নহ'ল। প্রাঞ্জলৰ লগত ফ্লার্ট কৰিবলৈ সুযােগ বিচাৰি ফুৰা সহকর্মী মায়াৰ মেছেজবােৰ দেখিলেও প্রতিক্রিয়াহীন পাৰিজাত। অপুষ্টিত জৰ্জৰ শৰীৰৰ দৰে প্রেমহীনতাত জৰ্জৰ হৈ পৰিছে এই সম্পর্ক। তেনেস্থলত বিবাহ বিচ্ছেদৰ কথা কলেই তাই কিয় থমকি ৰৈ যায়! কিয় বৰুণৰ বাবে বিবাহপ্রার্থীৰ কথা তাৰ ঘৰত আলােচনা হােৱাৰ কথা জনাৰ পাছতাে তাই আগবাঢ়িব পৰা নাই বিবাহ বিচ্ছেদৰ। প্রক্রিয়ালৈ? ওঁঠ কামুৰি কিয় থমকি ৰৈ যায় প্রাঞ্জলৰ ওচৰত প্রতিবাৰে? এটা মৰমৰ চুমা, উষ্ণ আলিংগনৰ পৰা বঞ্চিত এটা সম্পৰ্কত কিয় দুজন লােক বান্ধখাই থাকে? অর্ধ-আকাশ ঃ ৰচনাসমগ্র, প্রথম খণ্ড