: ক’বখােজা কথাবােৰ স্পষ্ট হলে ভাল। হয়তাে বুজি উঠে প্রাঞ্জলে তাইৰ মৌন ওঁঠৰ সিপাৰৰ কথকতা। ব্রেকফাষ্টৰ টেবুলত তাইলৈ নােচোৱাকৈয়েই পুনৰ আওঁৰাই উঠে প্রাঞ্জলে। বহুত চেষ্টা কৰিও ‘ ডিভাের্চ’ শব্দটো উচ্চাৰণ কৰিব নােৱাৰি ধৰফৰাই উঠে তাই। কিয় এনে হয়! কিয় হয়।
: বৰুৱাৰ লগত কথা পাতিবা? মােৰ ম'বাইলতে আছে নম্বৰটো। পাতি ল’বা যি পাতা।- খােৱা আধৰুৱাকৈ এৰি উঠি গুচি যায় প্রাঞ্জল। আচৰিত হ'ল পাৰিজাত। কেনেকৈ ! কেনেকৈ জানে সি তাইক উকীলৰ প্রয়ােজন হােৱাৰ কথা তাই কাহানিও নােকোৱাকৈ! ডিভাের্চৰ কথা তাই ভাবিছে বুলি কেনেকৈ জানিলে? কথাটো সি ইমান সাধাৰণভাৱে লােৱাটো সহজে ল’ব নােৱাৰিলে পাৰিজাতে। টেবুলৰ ওপৰত থােৱা ফোনটোলৈ হাতখন মেলিও কেঁচাই আনিলে তাই কিবা এক তাড়নাত। এই.. এই কিবা এটা তাড়না কি? কিয়?
বিবাহৰ পশ্চাৎ এগৰাকী নাৰীৰ খােজবােৰ কিয় সংকুচিত হৈ পৰে? এইটো জানিও যে সেই খােজত যুক্তি আছে, আছে বাস্তৱিকতা। সুখপ্রাপ্তিৰ অধিকাৰ নাৰী-পুৰুষ উভয়ৰে আছে। পাৰিজাতৰ সেই অধিকাৰ প্ৰাঞ্জলে এসময়ত খর্ব কৰিছিল। তাৰ পাছতাে এক অদৃশ্য শক্তিয়ে শিকলিৰ ৰূপ লৈ পিছফালৰ পৰা সর্বশক্তিৰে তাইক খামুচি ৰাখে। নাই! প্রাঞ্জলৰ হাত নাই তাত। তাই তাক যােগ্য বুলি বিচাৰেই নকৰে তাৰবাবে। সেই শক্তিৰ উৎস বেলেগ।
:এয়া এটাচ্চমেন্ট কেৱল তােমাৰ। আন একো নহয়। স্বাভাৱিক ভাৰতীয় নাৰীৰ ঘৰ, এক মন্দিৰ টাইপ মানসিকতা। বিচলিত নহ'ব। সময়ৰ লগে লগে নােহােৱা হৈ যাব সেয়াও - বৰুণৰ কথাত হতভম্ব হৈছিল তাই।
এটাচ্ছমেন্ট? কিহৰ এটাচ্ছমেন্ট? কেনেধৰণৰ এটাচ্ছমেন্ট? তাইতাে এয়াও আছে বুলি জনা নাছিল! যাৰ প্রতি অহৰহ ঘৃণা, বিতৃষ্ণা কঢ়িওৱা যায়, তাৰবাবে জানাে কাহানিবা আপােনত্ব জাগি উঠে?
উত্তৰ বিচাৰি হাহাকাৰ কৰি উঠে পাৰিজাতে। কাৰ ওচৰত বিচাৰি যাব উত্তৰ? খুৰাকৰ পৰা সত্য জানি লােৱাৰ পাছত খুৰীয়েক তাইৰ আৰু প্রাঞ্জলৰ ওপৰত বিতুষ্ট। এতিয়াও। সেই বিতুষ্টতা দেখিয়েই প্রাঞ্জলে এতিয়াৰ ভাড়াঘৰটোলৈ আঁতৰি অহাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। মাহজুৰি সংযােগ নথকা দূৰত্ব সামৰি নেহা বিবাহসূত্রে দেশৰ বাহিৰত। আৰু কাৰ ওচৰত তাই নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যায়?
প্রাঞ্জলে লক্ষ্য কৰিছিল পাৰিজাতক। তাইৰ উদ্বিগ্নতাক। এডভােকেট বৰাক সুধি গম পাইছিল যে পাৰিজাতে ফোন। কৰা নাই তেখেতক।
: ফোন নকৰিলা যে? বেলেগ এডভােকেট পাইছা নেকি?- প্রাঞ্জলৰ প্ৰশ্নৰ খঙেৰে উত্তৰ দিবলৈ লৈও পাৰিজাত থমকি ৰৈছিল। তাইৰচোন খং উঠাই নাই! বৰঞ্চ এক অচিন বিষাদে বেৰি ধৰে তাইক।
: কিয় লাগে আপােনাক মই কাক বিচাৰিছোঁ।
: নালাগে বাৰু। হৈছে কি তােমাৰ ? কোৱাচোন।
: কিয়? আজি মনত পৰিল সুধিবলৈ ?
: তােমাক আগেয়ে ইমান উদ্বিগ্ন দেখা নাছিলোঁ।
: সদায়েই আছিলোঁ। উদ্বিগ্ন নহয়। আতংকিত। আপােনাৰ বাবে। পাহৰি গ'ল?
: ... ।
: সেইসময়তেই নুবুজিছিল। এতিয়া কিয় লাগে মই কি বিচাৰোঁ।
: ...। এটাও শব্দ নােকোৱাকৈ প্রাঞ্জল আঁতৰি গৈছিল। বুজি পাইছিল পাৰিজাতে, প্রাঞ্জল নিজৰ কৰ্মক লৈ অনুশােচনাত দগ্ধ। পিছে জনা নাছিল, যে সিদিনাৰ পৰাই এই অনুশােচনাৰ আৰম্ভ হৈছিল, যিদিনা নকইনাৰ লাজৰ ওৰণি গুচাই তাই স্পষ্টকৈ কৈছিল—
: “বিয়া কৰাব বিচাৰিছিল মােক, বিয়া হৈ গ'ল। তাতােতকৈ একো নিবিচাৰিব। নাভাবিব যে কোনােবাদিনা আপােনাক আঁকোৱালি লম। ঘৃণাৰ বাহিৰে মােৰ ওচৰত একোৱেই নাই আপােনাৰ বাবে।”- সিদিনা প্রাঞ্জল হতভম্ব হৈছিল। বিবাহ মানেই
পূৰ্বৰ সকলাে কথা পাহৰি সমৰ্পণ- এয়া আছিল তাৰ ধাৰণা। ভুল আছিল সি। প্রেমহীনতাৰে ভৰা এটা শৰীৰ চুবলৈ যােৱাটো