পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯

গোপনে সেই সুগন্ধিক বুকুৰ বৰপেৰাত সচিব খুজিছিল তাই। কাৰোবাৰ ওঁঠত হাঁহি হৈ বিৰিঙিবলৈ, বুকুত স্পন্দন হৈ বাজিবলৈ, চকুত স্নেহ হৈ জিলিকিবলৈ ধৰিছিলহে তাই! বৰুণ নাম আছিল তেওঁৰ। কৰ্মসূত্ৰে এটি এন জি অ’ চলাই থকা বৰুণক লগ পাই প্ৰথম দৃষ্টিতেই আপোনত্ব গঢ় লৈ উঠিছিল। এই বৰুণৰ লগতেই পাৰিজাতে জীৱন যুদ্ধত একেলগে বাট বুলিবলৈ পোৱা হলে সুখী হ'লহেঁতেন। সম্পূৰ্ণ হ'লহেঁতেন তাইৰ সত্তা। কিন্তু নহ'ল। প্ৰাঞ্জলে নিদিলে এনে হ'বলৈ। কি যে নিৰ্দয়তাৰে তাইৰ আগত মাক দেউতাকৰ ঋণ শুজাৰ প্ৰস্তাৱ লৈ থিয় দিছিল সি! প্ৰস্তাৱ নহৈ যেন দাবী।

 : আজি তুমি য'ত আছ, যেনেদৰে আছা, সেয়া মা-দেউতাৰ আশীৰ্বাদ আৰু মৰম। স্বীকাৰ নকৰানে সেয়া তুমি? মা দেউতাৰ ঋণ শুজিবলৈও তুমি এইকণ কৰিব নোৱাৰা? তেওঁলোকৰ মৰমৰ প্ৰতিদান দিবলৈও অপাৰগ নে তুমি?- খঙত কপিছিল তাই।

 : কি? কি কথা কয় আপুনি? খুৰ খুৰীক মাজলৈ নাটানিব। তেওঁলোক আপুনিৰ দৰে স্বাৰ্থপৰ নহয়। মৰমৰ প্ৰতিদান তেওঁলোকে নিবিচাৰে। স্বাৰ্থপৰ আপুনিহে। কেনেকৈ ইমান নীচ হ’ব পাৰিলে প্ৰাঞ্জল দা?

 : ডেম্‌! ষ্টপ্‌ কলিং মি দাদা দাদা। আই এম নট য়’ৰ “দাদা”। আৰু কি কৈছা? হয় মই স্বাৰ্থপৰ। তোমাক পাবৰ কাৰণে ইয়াতকৈও নীচ হম মই। মই ভগৱান নহয়।

 : আপুনি মোৰ দাদাৰ দৰে।

 : দৰে বুলি তুমি ভাবা। নহওঁতো।-

 সুস্থিৰ অৱস্থাত কথাবোৰ ভাবি চাইছিল তাই। ঠিকেইতো। তাই দাদা বুলি মাতিলে কি হ'ব, কোনো তেজ মঙহৰ সম্পৰ্কতো সিহঁতৰ মাজত নাই! খুৰাক খুৰীয়েকৰ মমতাৰ ধাৰ তাই কেতিয়াও শুজিব নোৱাৰে। এইটো সঁচা যে তেওঁলোকে তাইৰপৰা একো প্ৰতিদান নিবিচাৰে; কিন্তু যিদিনা তেওঁলোকে গম পাব যে প্ৰাঞ্জলৰ এনে অস্থিৰ, উন্মাদ প্ৰায় অৱস্থাৰ বাবে, দুখ-ইচ্ছা-অপূৰ্ণ হেঁপাহৰ বাবে দায়ী একমাত্ৰ তাই, তেতিয়া তেওঁলোকে তাইক এতিয়াৰ দৰেই মৰম কৰিবনে? হাজাৰ হলেও প্ৰাঞ্জল তেওঁলোকৰ নিজ সন্তান। প্ৰাঞ্জলে ভবাৰ দৰে যদি তেওঁলোকেও ভাবিছে; তেতিয়া? তেতিয়া কি হ'ব? ঋণ শুজিবৰ কাৰণে বৰুণক প্ৰতাৰণা কৰিব পাৰিবনে তাই?

 ভবাতকৈও জটিল পৰিস্থিতিয়ে তাইৰ বাবে অপেক্ষা কৰি আছিল। বৰুণৰ কথা গম পোৱাৰ দিনাই প্ৰাঞ্জলে ঘৰত ঘোষণা কৰিছিল- সি বিয়া কৰালে পাৰিজাতকে কৰাব। প্ৰথমে আচৰিত হৈছিল সকলো। আপত্তি অথবা সমৰ্থন, একোৱেই কৰা নাছিল তেওঁলোকে। খুৰাকে পাৰিজাতক ফোন কৰিছিল-

 : কথাবোৰ সঁচা নে কি অ’ মাজনী? মই তোমাৰ দেউতাৰ দৰে। মোক সকলো খুলি ক'ব পাৰা তুমি। তোমাৰ সিদ্ধান্ত যিয়েই হওক, মই সমৰ্থন কৰিম। - ফোনৰ আনটো মূৰত নিশ্ৰুপ হৈ ৰৈছিল পাৰিজাত।

 তেন্তে প্ৰাঞ্জলৰ লগত তেনে এক সম্পৰ্ক ঘটিলেও তেখেতৰ আপত্তি নাই! তেখেতল কথাত প্ৰাঞ্জলৰ প্ৰস্তাৱক প্ৰশ্ৰয় দিয়াৰ সুৰ এটা শুনা পাইছিল তাই। হয়তো সেয়া পাৰিজাতৰ ভুল আছিল। হয়তো তেওঁ পাৰিজাতৰো প্ৰাঞ্জলৰ প্ৰস্তাৱত সমৰ্থন থাকিব পৰাৰ সম্ভাৱনীয়তাত দৃষ্টি ৰাখি নিৰপেক্ষভাৱে কথাষাৰ সুধিছিল। তথাপিও কিয় জানো, পাৰিজাতৰ অকণো ভাল লগা নাছিল। নিজৰেই অজানিতেই তাই বিচাৰিছিল, খুৰাকে বিৰোধ কৰক প্ৰাঞ্জল। গালি পাৰক! সেয়া নহ'ল। তাৰ পাছতেই আৰু যেন বিভ্ৰান্তিৰ চাকনৈয়াৰ ভিতৰলৈ সোমাই গ'ল তাই। খুৰাকৰ আপত্তি নাই। এই ভাৱটো মনলৈ সোমাই যোৱাত আৰু সংকুচিত হৈ পৰিল তাই। শইকীয়া দম্পতীৰ মৰম, স্নেহ, আশ্ৰয়ৰ তলত ঋণগ্ৰস্ত পাৰিজাত। ইয়াৰ পাছত যদি প্ৰাঞ্জলৰ অপূৰ্ণ ইচ্ছা, দুখৰ কাৰণ তাই হয় বুলি তেওঁলোকে জানে,লজ্জিত নহবনে তাই? ক'ত থাকিব সেই মৰমৰ মূল্য? ওৰে জীৱন বিবেক দংশনত ভূগি থাকিব তেতিয়া তাই।

 নাই নাই! তাইক ভালপোৱা নালাগে। বৰুণৰ সতে প্ৰেম সফল নহ'লেও, প্ৰতাৰিকা নাম পালেও তাই সহি থাকিব পাৰিব; কিন্তু অকৃতজ্ঞৰ নাম লৈ জীয়াই থাকিব নোৱাৰিব।

 :লাইন কাট্‌ খাইছিল। ফোনটো আকৌ বাজিছিল। ৰিচিভ কৰি লৈ কোনোমতে জড়তাৰে আওঁৰাইছিল তাই, বুকুত খুন্দা মাৰি ডিঙিত লাগি ধৰা শব্দকেইটা-

 : তেওঁ সঁচা কৈছে খুৰা। সকলোবোৰ মোৰ ইচ্ছানুযায়ীয়েই হৈছে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড