পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভুত ৰামায়ণ ৷৭৯

কাহাকো নিচিনি, নজানিয়া আত,
 ফুৰো অতি বিয়াকুলি।
আইলো কতদুৰ, ইতো কোন পূৰ,
 নজানো তাক সমূলি॥৩২৭
গৃহৰ বঝাই, মাৰুতিক চাই,
 বোলে এক বৃদ্ধা নাৰী।
সীতা নামে এক, দেবীৰ কাহিনী
 আমি কহিবাক পাৰি॥
মোৰজীৱ খানি, বৰ সাধিবাক,
 গৈয়া আছে তান ঠাই।
পথ নিৰোধিল, আসিবে নপাইল,
 আছয় দুৰ্ঘটে পাই॥৩২৮
মায়াবি মাৰুতি, বিনয়ে সোধয়,
 কহা আই ভালকৰি।
কিবা হেতু পথ, নিৰোধি আছয়,
 শুনোহোঁ তাক সুন্দৰি॥
গৃহস্থিনী বোলে, শুনহ সুন্দৰী
 নুবুলিলো মিছাযাক।
সীতাৰ দোহাই,  দিয়া নাগ ৰাজ,
 কৈবে দিয়া আছে হাক॥৩২৯