সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
অদ্ভুত ৰামায়ণ ৷

কতো কাল মান, একত্ৰে আছিলো,
 মিলিল দৈব বিপাক।
ৰামক ত্যজিল, পাতালে পশিল,
 নানিল সখী আমাক॥
ত্যজি অন্নপান, বাতুলৰ ঠান,
 ফুৰোহো ব্যাকুল ভাৱ।
সখীৰ পিৰিতি, সুমৰিয়া নিতি,
 দহে মোৰ সৰ্ব্বগাৱ॥৩২৫
গ্ৰাম নগৰত, দুৰ্গম বনত,
 হতাশতে ফুৰো চাই।
হেনতো শঙ্কট, মিলিল দুৰ্ঘট,
 কি কহিবো তাক আই॥
পৰম দন্দুৰ, বল্লল অসুৰ,
 মোক দেখি ভোল ভৈল৷
পৰম প্ৰমত্ত, কামে উনমত্ত,
 মোক হৰিবাক গৈল॥ ৩২৬
নামতে অবলা, বল হীনা নাৰী,
 কিকৰিৰো মই তাক।
ইঠাৱতে আনি, এড়ি গৈলা মোক,
 মিলিল কৰ্ম্ম বিপাক॥