পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮০
অদ্ভুত ৰামায়ণ ৷

চাপি আস তয়, গুপ্তে কহোঁ ময়,
 নজানিবে কেহোঁ আৰ।
কাহাতো নকৈবা, আপুনি জানিবা,
 কহিলে মিলিবে মাৰ॥
সূৰ্য্যবংশে জাত, ৰাম নামে খ্যাত,
 ঈশ্বৰৰ অবতাৰ।
দুৰ্জন নাশিতে, সজ্জন পালিতে,
 খণ্ডিলা ভূমিৰ ভাৰ॥৩৩০
গুণে অনিন্দিতা, তান ভাৰ্য্যা সীতা
 স্বামীত ৰোষ কৰিল।
মহাক্ৰোধ কৰি, স্বামী পুত্ৰ এৰি,
 আমাৰ স্থানে আসিল॥
সীতায়ে পঠাইল, সৰ্পৰাজ গৈল,
 কুমাৰ হৰিবে লাগি।
আছোক হৰিবে, ৰাম সভা দেখি,
 ভয়ে গৈল গৰ্ব্ব ভাগি॥৩৩১
গোঁসানীত কৈল, বৰ মাগি লৈল,
 সৰ্পৰাজে পুনৰ্ব্বাৰ।
মহা মায়া কৰি, আনিলেক হৰি,
 ৰামৰ দুই কুমাৰ॥