পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
অদ্ভুত ৰামায়ণ।

গোসাঁনী সীতাক, মোৰ দেখিবাক,
উত্ৰাৱল কৰে মন।
দুইহানো চৰণে, পশিলো শৰণে,
কৰায়োক দৰশন॥
মাৰুতিৰ মন, জানিয়া তেখন,
গোসাঁনী চিন্তে উপাই।
পবন কুমাৰ, পাইলে অজি মোৰ,
থাকিবাৰ শক্তি নাই॥৫২৬
মাৰুতি যেমন মোক নিচিনয়
ধৰো ৰূপ অসংখ্যাত।
মায়াবী ৰূপৰ থাকিবো ভিতৰ
বিচাৰি পাইবে কোথাত॥
হেন চিন্তি মনে ভৈলন্ত তেখনে
সহস্ৰ সহস্ৰ সীতা।
সেহি ৰূপ গুণ বয়স তৰুণ
পতিব্ৰতা সুচৰিতা॥৫২৭
ৰন্ত সিংহাসনে ধৰিছে যোগান
নাগ নাৰী চতুৰ্ভিত।
কৰে স্তুতি নতি পৰম ভকতি
সাধে বৰ যেন চিত্ত॥