পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
অদ্ভুত ৰামায়ণ।

লব-কুশ ৰোষে মহা অসন্তোষে
জননী আছে ইঠাই।
অযোধ্যানগৰী যেবে নিতে পাৰি
তেবে বৰ কীৰ্ত্তি পাই॥৫২৩
মাৰুতি বদতি, শুনা মহামতি,
ৰামৰ ময় কিঙ্কৰ।
সীতা গোসাঁনীৰ, তোমাসাত বড়,
মোক দয়া বহুতৰ॥
যেবে হঁও ময়, পবন তনয়,
হয় যেবে দেবী সীতা।
যবে ময় তাঙ্ক, পাঁও দেখিবাক,
নিবো আত কোন চিন্তা॥৫২৪
গোসাঁনীয়ে মোক, দিয়া আছে বৰ,
যেহি বাঞ্ছো তাকে পাইবো।
নমি গোসাঁনীক ময় আৰ কিক,
অযোধ্যা নগৰী যাইবো॥
যদি দেবী মোক, কৰয় বিমুখ,
কৰো সত্য অঙ্গীকাৰ।
সভাৰ মাজত, পুড়ি অনুলত,
মৰিবো আগে তাহাৰ॥৫২৫