পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
অদ্ভুত ৰামায়ণ।

হেন অহঙ্কাৰ শুনিয়া আমাৰ
উপজিল মনে হাস।
মাৰুতি হেনয় বীৰকো জিনয়
তাসম্বাৰ কিনো সাস॥
দেৱাসুৰ নয় ভয়ে তৰ তৰ
দেখিয়া ষাৰ বিক্ৰম।
হেনয় বীৰক যুদ্ধে জিনিবাক
খোজয় নাগ অথম॥৫২১
পাতাল পুৰত মাৰুতি কিমত
নতু জানে ভালমত।
এতেকেসে নাগে নাগিনীৰ আগে
বচন বোলে মহত॥
ইথানক প্ৰতি আসোক মাৰুতি
দেখোক কেন প্ৰভাৱ।
হেন চিন্তি মনে আছোহোঁ ইখানে
নগৈয়া পিতাৰ ঠাৱ॥৫২২
আসিয়া একল মৰ্দ্দি নাগবল
আমাৰ বঢ়াইলা যশ।
আৰু এক বাক বোলোহোঁ তোমাক
সুধিৰে তাক চিন্তস॥