সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
অদ্ভুত ৰামায়ণ।

কিনো বজ্ৰ সৰি চিত্ত তোমাসাৰ
কাতো কিছূ দয়া নাই।
আমি ব্যাকুলিত শোকে দগ্ধ চিত্ত
ফুৰো ব্ৰক্ষাণ্ডত চাই॥৫১৮
মাৰুতিক ধৰি আস্বাসি সাদৰি
দুই ভাই তুলিলন্ত।
ভকতৰ দুখ দেখিয়া অসুখ
কান্দি কান্দি বুলিলন্ত॥
শুনা বীৰবৰ পবন কুমাৰ
সুহৃদতে তুমি সাৰ।
স্নেহে বিস্মৰিয়া থাকিবে লাগিয়া
চিত্তত নাহি আমাৰ॥৫১৯
কিন্তু চিৰদিনে মাতৃ অদৰ্শনে
হৃদয় ব্যাকুল কৰে।
পাছে বাৰ্ত্তা পাই আসিলো ইঠাই
মাতৃ দেখিবাৰ তৰে॥
আজি কালি আমি যাইবে চান্তে তুমি
আসিবে পাইলো বাৰ্ত্তাক।
আৰো নাগ সৰ্প কৰে মহা দৰ্প
তযু বল মৰ্দ্দিবাক॥৫২০