এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা
নৱম কীৰ্ত্তন
ঘোষা॥ কৃষ্ণ যদুপতি।
ৰামে মোৰ গতি॥ ৯
পদ॥ ব্ৰহ্মাক প্ৰণামি বুলিলন্ত দেৱ-ঝাক।
সৃষ্টি নষ্ট হোৱে কেনে নৰাখা আমাক॥
দৈত্যেন্দ্ৰৰ দেখি ঘোৰ তপৰ দীপিতি।
স্বৰ্গত থাকিবে কাৰ বাপৰ শকতি॥ ৮৮
ব্ৰহ্মপদ তোমাৰ কৰিবে চাৱে ছন্ন।
ভিন্ন সৃষ্টি কৰিবাক দৈত্যৰ যতন॥
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ।
যাৱে নতু নষ্ট হোৱে সমস্ত সংসাৰ॥ ৮৯
হেন জানি ব্ৰহ্মা লড়ি গৈল হংস-যানে।
তপ কৰি আছে দৈত্যপতি যিটো থানে॥
তপৰ মহিমা দেখি ভৈলন্ত বিস্ময়।
বোলন্ত উঠিয়ো আৱে কশ্যপ-তনয়॥ ৯০
শৰীৰৰ মাংসক খাইলেক তোৰ উঁই।
তথাপি আৰাধ মোক এক চিত্ত হুই।
হেন তপ কৰন্তা নাহিকে সংসাৰত।
যেহি লাগে বৰ আৱে লৈয়ো অভিমত॥ ৯১